உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Rail Service : ৰঙিয়াৰ পৰা পুনৰ চলিব ৰঙিয়া-মূৰ্কংচেলেক পেচেঞ্জাৰ ট্ৰেইন, ১৯ জুলাইৰ পৰা আৰম্ভ হ'ব এই সেৱা।

    Rail Service : ৰঙিয়াৰ পৰা পুনৰ চলিব ৰঙিয়া-মূৰ্কংচেলেক পেচেঞ্জাৰ ট্ৰেইন, ১৯ জুলাইৰ পৰা আৰম্ভ হ'ব এই সেৱা।

    সোমবাৰৰ পৰা প্ৰতিদিনে পুৱা ৭ বাজি ২০ মিনিটত এৰিব ৰঙিয়া আৰু মঙলবাৰৰ পৰা মূৰ্কংচেলেকৰ পৰা ৰঙিয়ালৈ চলিব এই ৰে'লখন ।

    সোমবাৰৰ পৰা প্ৰতিদিনে পুৱা ৭ বাজি ২০ মিনিটত এৰিব ৰঙিয়া আৰু মঙলবাৰৰ পৰা মূৰ্কংচেলেকৰ পৰা ৰঙিয়ালৈ চলিব এই ৰে'লখন ।

    সোমবাৰৰ পৰা প্ৰতিদিনে পুৱা ৭ বাজি ২০ মিনিটত এৰিব ৰঙিয়া আৰু মঙলবাৰৰ পৰা মূৰ্কংচেলেকৰ পৰা ৰঙিয়ালৈ চলিব এই ৰে'লখন ।

    • Share this:
      ৰঙিয়াৰ পৰা পুনৰ চলিব ৰঙিয়া-মূৰ্কংচেলেক পেচেঞ্জাৰ ৰে'ল (Rangia-Murkongchelek Pessenger Train)।  ১৯ জুলাই সোমবাৰৰ পৰা পুৱা ৭ বাজি ২০ মিনিটত প্ৰতিদিনে চলিব এই পেচেঞ্জাৰ ৰে'লখন । ২০ জুলাই মঙলবাৰৰ পৰা মূৰ্কংচেলেকৰ পৰা ৰঙিয়ালৈ চলিব এই ৰে'লগাড়ীখন ।

      ক'ভিডৰ দ্বিতীয় ঢৌ (Covid Second Wave)ৰ বাবে ৰে'লবিভাগে চলাচল স্থগিত ৰাখিছিল এই পেচেঞ্জাৰ ৰে'লখনৰ । যাত্ৰীৰ সুবিধাৰ্থে প্ৰতিদিনে এতিয়া পুনৰ চলিব এই ৰে'লখন। এই কথা সদৰি কৰিছে উত্তৰ পূৱ সীমান্ত ৰে'লৱে (NorthEast Fronntier Railway)ৰ প্ৰৱন্ধক ভি এ মালেগাওকাৰে ।

      ইফালে ২০২৩ৰ ভিতৰত শৰাইঘাট (Saraighat)ত হ'ব দ্বিতীয়খন ৰে'লৰ দলং । বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ ৰে'ল পথ দ্বৈতকৰণৰ সমান্তৰালভাৱে নিৰ্মাণ হৈ উঠিব দ্বিতীয় খন ৰে'লৰ দলংখন । NF ৰে'লৱেৰ নিৰ্মাণ বিভাগে এই সন্দৰ্ভত সকলো কাম পৰ্যবেক্ষণ কৰি আছে বুলি জনাইছে DRM  গৰাকীয়ে ।
      Published by:Manjumoni Borah
      First published: