ৰাইজৰ দলৰ পৰা যেতিয়া ৰাইজ আতৰি গ'ল, ৭০ টাকৈ সংগঠন আতৰি গ'ল, তাৰ পিছত সেইটো ৰাইজৰ দল কেনেকৈ হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে বিজেপি সভাপতি ভৱেশ কলিতাই। অখিল গগৈৰ দলটো এতিয়া ৰাইজৰ দল সলনি কৰি অখিল গগৈ দল দিলে বেছি ভাল হ'ব বুলি তেওঁ মন্তব্য কৰে।
ৰঙিয়াত এখন সভাত অংশগ্ৰহণ কৰি ৰাইজৰ দলক তীব্ৰ কটাক্ষ বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ । ৰাইজৰ দল এতিয়া ব্যক্তিগত কোম্পানী লিমিটেড হৈছে । ৰাইজৰ দল কেনেকৈ হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ সভাপতি ভবেশ কলিতাই ।
ৰাইজৰ দলৰ পৰা যেতিয়া ৰাইজ আতৰি গ'ল, ৭০ টাকৈ সংগঠন আতৰি গ'ল, তাৰ পিছত সেইটো ৰাইজৰ দল কেনেকৈ হ'ল বুলি প্ৰশ্ন উত্থাপন কৰে । অখিল গগৈৰ দলটো এতিয়া ৰাইজৰ দল সলনি কৰি অখিল গগৈ দল দিলে বেছি ভাল হ'ব । কাৰণ যেতিয়া ৭০ টাকৈ সংগঠন আছিল তেতিয়া ৰাইজৰ দল হৈ আছিল । কিন্তু এতিয়া ৭০ টা সংগঠনে সংবাদমেল আয়োজন কৰি ওলাই গৈছে । সেই এতিয়া প্ৰাইভেট লিমিটেড কোম্পানীত পৰিণত হৈছে ৰাইজৰ দল । এতিয়া ৰাইজৰ দল হৈ থকা নাই । উপ নিৰ্বাচনৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰিবলৈ অখিল গগৈয়ে শিৱসাগৰতে থাকিব নে, ভৱানীপুৰতে থাকিব নে, থাওৰাতে থাকিব নে, মৰিয়নিতে থাকিব নে তামুলপুৰতে যাব বুলি মন্তব্য কৰে ভবেশ কলিতাই । লগতে অখিল গগৈয়ে একোৱে কৰিব নোৱাৰে আৰু অহা বিধানসভা নিৰ্বাচনত বেয়াকৈ হাৰিব বুলি তীব্ৰ কটাক্ষ কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ সভাপতি ভবেশ কলিতাই । ইফালে বিদ্যালয় বন্ধ ৰাখি উপ নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে :- নিৰ্বাচন পাতিবই লাগিব । নিৰ্বাচন নাপাতিলে সেই সমষ্টিৰ বিকাশ কিদৰে হব ! বিধায়ক বিহীনভাৱে এটা সমষ্টি চলিব নোৱাৰে । চৰকাৰে সেই সমষ্টিৰ ৰাইজক বঞ্চিত কৰিব নোৱাৰে । সেইকাৰণে নিৰ্বাচন আয়োগে এক সিদ্ধান্ত লৈছে । তাক আদৰণি জনাইছে । কভিডৰ প্ৰটকল মানি এই নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|