মুখ্যপৃষ্ঠা » খবৰ

» অসম

»বিধায়ক পুঁজিৰ ধনেৰে এখন এম্বুলেঞ্চ প্ৰদান কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই...

বিধায়ক পুঁজিৰ ধনেৰে এখন এম্বুলেঞ্চ প্ৰদান কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই...

News18 Assam | News18-Assam
Updated:June 15, 2021, 3:29 PM IST
বিধায়ক পুঁজিৰ ধনেৰে এখন এম্বুলেঞ্চ প্ৰদান কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই...
ৰঙিয়াত বিধায়ক পুঁজিৰ ধনেৰে এখন এম্বুলেঞ্চ প্ৰদান কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই। পূৰ্বৰ কাৰ্য‍্যকালৰ অন‍্য আঁচনিৰ বাবে আবন্তিত ধন কৰ্তন কৰি এই এম্বুলেঞ্চ সেৱা ৰাইজৰ বাবে মুকলি কৰা হয়।

  • Share this:
ৰঙিয়াত বিধায়ক পুঁজিৰ ধনেৰে এখন এম্বুলেঞ্চ প্ৰদান কৰিলে প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভবেশ কলিতাই। পূৰ্বৰ কাৰ্য‍্যকালৰ অন‍্য আঁচনিৰ বাবে আবন্তিত ধন কৰ্তন কৰি এই এম্বুলেঞ্চ সেৱা ৰাইজৰ বাবে মুকলি কৰা বিধায়কগৰাকীয়ে কয় "ক'ভিডৰ এই পৰিৱেশত বৰ্তমান ৰাইজক এখন এম্বুলেঞ্চৰ অতিকৈ প্ৰয়োজন । মন্দিৰ মছজিদৰ নিৰ্মাণ পিছে পৰেও হ'ব পাৰিব ক'ভিডৰ আতংক আতৰাৰ পিছত।"

ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চৌহদত আয়োজন কৰা এক অনুস্থানত বিধায়ক গৰাকীয়ে এম্বুলেঞ্চখন ৰঙিয়াৰ আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক নবনীতা বৰাৰ হাতত অৰ্পণ কৰে । লগতে কয় যে এম্বুলেঞ্চখনৰ যত্ন লৈ ভালদৰে ৰাখিলে অদূৰ ভৱিষ্যতে ৰাইজে স্বাস্থ্য খণ্ডত যথেষ্ট সকাহ লাভ কৰিবলৈ সক্ষম হব ।
Published by: Kokil Sarma
First published: June 15, 2021, 3:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি