உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ১৭ দিনৰ মূৰত অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল ৰঙিয়াৰ যুৱক

    ১৭ দিনৰ মূৰত অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল ৰঙিয়াৰ যুৱক

    কোকৰাঝাৰত ১৭ দিনে আবদ্ধ কৰি ৰাখিছিল যুৱকজনক।

    কোকৰাঝাৰত ১৭ দিনে আবদ্ধ কৰি ৰাখিছিল যুৱকজনক।

    কোকৰাঝাৰত ১৭ দিনে আবদ্ধ কৰি ৰাখিছিল যুৱকজনক।

    • Share this:
      অপহৰণকাৰীৰ কবলৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ’ল ৰঙিয়াৰ এজন সন্ধানহীন যুৱক। যোৱা ৭ এপ্ৰিলত ৰঙিয়াৰ সীতাৰাৰ পৰা অপহৰণ কৰিছিল উত্তম ঘোষ নামৰ যুৱকজনক। ৰঙিয়াৰ বালাগাঁৱৰ পৰা তিনিজনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰি কোকৰাঝাৰলৈ নিছিল উত্তম ঘোষক।

      কোকৰাঝাৰত ১৭ দিনে আবদ্ধ কৰি ৰাখিছিল যুৱকজনক। পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছিল ৰঙিয়া থানাত। আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে যুৱকজনৰ। অৱশেষত কোনোমতে অপহৰণকাৰীৰ কবলৰ পৰা পলায় সাৰিবলৈ সক্ষম হ’ল উত্তম ঘোষ। কিন্তু কোনে কি কাৰণত অপহৰণ কৰিছিল দৰিদ্ৰ পৰিয়ালৰ উত্তম ঘোষক সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত।
      Published by:Sanjay Kumar Das
      First published: