মুখ্যপৃষ্ঠা »খবৰ »অসম »Inter District Travel: অজুহাত বহুতো, মুঠতে যাব খোজে পৰিধি ভাঙি ! আন্তঃ জিলা যাতায়তৰ ক্ষেত্ৰত পুনৰ কঠোৰ আৰক্ষী-প্ৰশাসন...

Inter District Travel: অজুহাত বহুতো, মুঠতে যাব খোজে পৰিধি ভাঙি ! আন্তঃ জিলা যাতায়তৰ ক্ষেত্ৰত পুনৰ কঠোৰ আৰক্ষী-প্ৰশাসন...

নলবাৰী জিলাৰ পৰা ৰঙিয়ালৈ আহিব বিচৰা প্ৰতিখন বাহনক ৰঙিয়াৰ উদিয়ানাত তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে । নিয়ম ভঙ্গ কৰা গাড়ীসমূহ পুনৰ নলবাৰীলৈ ঘুৰাই পঠিয়াই দিয়ে আৰক্ষীয়ে ।

  • Share this:
    হাফ লকডাউনত হ্ৰাস পোৱা নাই ক'ভিড পৰিস্থিতি । আন্তঃ জিলা যাতায়তৰ ক্ষেত্ৰত পুনৰ কঠোৰ হৈছে ৰঙিয়া আৰক্ষী প্ৰশাসন ।  অসমৰ চাৰিখন জিলাৰ ভিতৰত নলবাৰী জিলাতো সংক্ৰমণ অধিক হোৱা বাবে ৰঙিয়া-নলবাৰী সীমান্তত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন ।

    নলবাৰী জিলাৰ পৰা ৰঙিয়ালৈ আহিব বিচৰা প্ৰতিখন বাহনক ৰঙিয়াৰ উদিয়ানাত তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে । নিয়ম ভঙ্গ কৰা গাড়ীসমূহ পুনৰ নলবাৰীলৈ ঘুৰাই পঠিয়াই দিয়ে আৰক্ষীয়ে । নলবাৰীৰ পৰা কামৰূপ জিলালৈ কিছুমান গাড়ী বিভিন্ন অজুহাত দেখুৱাই আহিব বিচাৰিছিল যদিও আৰক্ষীয়ে ওভতাই পঠিয়াইছে । আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত প্ৰশাসনৰ পৰা সম্পূৰ্ণ ব্যৱস্থা কৰা হৈছে যাতে কোনো লোকে এই নিয়ম ভঙ্গ কৰিব নোৱাৰে । স্বাস্থ্য বিভাগৰ লগত জড়িত লোক, ৰোগীসকলৰ লগতে চৰকাৰী কৰ্মচাৰী, ব্যক্তিগত খণ্ডত নিয়োজিত কিছু কৰ্মচাৰীসকলক ইয়াৰ পৰা ৰেহাই দিয়া হৈছে । উল্লেখ্য যে ক'ভিড পৰিস্থিতি উন্নত কৰাৰ বাবে চৰকাৰে কিছুমাহ পূৰ্বে আন্তঃজিলা যাতায়ত বন্ধ কৰি  দিছিল, যিহেতু অসমৰ প্ৰায় অঞ্চলতে ক'ৰোনাৰ সংক্ৰমণ দেখা দিছে । বৰ্তমানলৈ ৰঙিয়াত ৩৬ গৰাকী ক'ভিডত আক্ৰান্ত হৈ মৃত‍্যুমুখত পৰাৰ বিপৰীতে প্ৰায় ১৭০০ লোক আক্ৰান্ত হৈছে ।

    শেহতীয়া বাতৰি