দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু যন্ত্ৰণাত ছটফটাই থকা যুৱকক 'এয়া পুলিচ কেছ' বুলি কৈ চিকিৎসা কৰিবলৈ অমান্তি হয় ৰে'লৱে হস্পিটাল ।
দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু যন্ত্ৰণাত ছটফটাই থকা যুৱকক 'এয়া পুলিচ কেছ' বুলি কৈ চিকিৎসা কৰিবলৈ অমান্তি হয় ৰে'লৱে হস্পিটাল ।
ৰঙিয়া ষ্টেচন চৌহদত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড । দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু যন্ত্ৰণাত ছটফটাই থকা এজন যুৱকক চিকিৎসা কৰিবলৈ অমান্তি হোৱাৰ অভিযোগ উত্থাপন হৈছে ৰে'লৱে হস্পিটালৰ বিৰুদ্ধে। যাৰ বাবে যুৱকজনৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে । আনকি সংকটজনক অৱস্থাত নলা এটাত পৰি থকা যুৱকজনক অন্য চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰতো বাধা প্ৰদান ৰে'লৱে হস্পিটালৰ স্বাস্থ্য কৰ্মীয়ে। ৰে'লৱে হস্পিটালৰ এনে অমানৱীয় কাণ্ডত ক্ষুব্ধ হৈ পৰে স্থানীয় ৰাইজ ।
মৃত যুৱকজন হৈছে ৰঙিয়া ষ্টেচন ৰোডৰ ৩০ বছৰীয়া যুৱক অনুকূল দাস । মৃতকৰ মাতৃ আৰু পত্নীয়ে অভিযোগ কৰা মতে পুৱা ঘৰৰ পৰা ওলাই অহা অনুকূলে ৰঙিয়া ৰে'লৱে পলিক্লিনিক হস্পিটালৰ সমীপত হঠাৎ অসুস্থ হৈ এটি নলাত পৰি যায় । এই বিষয়ে পৰিয়াল অৱগত হোৱাত ততালিকে যুৱকজনৰ মাতৃ আৰু পত্নী দুৰ্ঘটনাস্থলীত উপস্থিত হয় । মাতৃ আৰু পত্নীয়ে সংকটজনক অৱস্থাত যুৱকজনক তাৎক্ষণিক চিকিৎসা প্ৰদানৰ বাবে সমীপতে থকা হস্পিটালৰ কৰ্তব্যৰত স্বাস্থ্য কৰ্মীক বাৰম্বাৰ কাকূতি মিনতি জনায় । কিন্তু হস্পিটাল কৰ্তৃপক্ষই 'এয়া পুলিচ কেছ' বুলি চিকিৎসা কৰিবলৈ অমান্তি হয় ।
আনকি মাতৃয়ে ৰে'লৱে হস্পিটালখনলৈ গৈ হাতযোৰ কৰি অসুস্থ পুত্ৰৰ চিকিৎসাৰ বাবে কাকূতি-মিনতি কৰে । তৎস্বত্বেও যুৱকজনৰ চিকিৎসা কৰাৰ পৰা বিৰত থাকে । ইয়াৰ পিছত অসহায় মাতৃ আৰু পত্নীয়ে এখন ই-ৰিক্সাৰে সংকটজনক অৱস্থাত যুৱকজনক অন্য হস্পিতললৈ নিব বিচাৰে যদিও ৰেলৱে হস্পিটাল কৰ্তৃপক্ষই বাধা দিয়ে । 'এয়া পুলিচ কেছ' বুলি কৈ পুনৰ বাধা দিয়াত মাতৃয়ে নিজৰ পুত্ৰক সংকটজনক অৱস্থাত চাই ৰখি থাকিব লগা হয় ।
ইয়াৰ কিছু সময় পিছতে যুৱকজনে মৃত্যুক সাৱটি লয় । ৰে'লৱে বিভাগৰ এনে অমানৱীয় কাণ্ডৰ বাবেই যুৱকজনৰ মৃত্যু হোৱা বুলি মাতৃ আৰু পত্নীয়ে অভিযোগ কৰে । ততালিকে উপযুক্ত চিকিৎসা লাভ কৰিলে হয়তু যুৱকজনৰ জীৱন ৰক্ষা পৰিলহেঁতেন বুলি আক্ষেপ প্ৰকাশ কৰে পৰিয়ালে । ইফালে একমাত্ৰ উপাৰ্জনকাৰীজনক হেৰুৱাই শোকত ভাগি পৰিছে মাতৃ আৰু পত্নীৰ লগতে কণমানি পুত্ৰ থকা পৰিয়ালটো। ঘটনা সন্দৰ্ভত দণ্ডাধীশৰ উপস্থিতিত ৰঙিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|