বিয়া প্ৰতিজন লোকৰে জীৱনৰ এটা বিশেষ দিন। আৰু জীৱনৰ এই বিশেষ দিনটো স্মৰণীয় কৰি ৰাখিব বিচাৰে সকলোৱে (Assamese Marriage)। আৰু তাৰ বাবে নিজৰ বিয়াত বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰে বিভিন্নজনে। এনেধৰণৰ বিয়াবোৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে ছচিয়েল মিডিয়াতো।
ৰঙিয়াৰ (Rangia) ২নং ধুহিৰ এখন বিয়াই দৃষ্টি আকৰ্ষণ কৰিলে সকলোৰে। কাৰণ এই বিয়াখনত দৰা আহিল অন্য ধৰণে। সাধাৰণতে নিজৰ বিয়াত এখন ধুনীয়া বাহনত উঠি কইনা ঘৰলৈ যায় দৰা। কিছুমানে হাতী–ঘোঁৰাও ব্যৱহাৰ কৰা দেখা যায়। কিন্তু ৰঙিয়াৰ এই বিয়াখনত দৰা আহিল ট্ৰেক্টৰত।
ট্ৰেক্টৰখনত বিভিন্ন ধৰণৰ ৰং–বিৰঙী লাইট লগাই আটক–ধুনীয়াকৈ সজাই তোলা হ’ল। তাৰ পিছত দৰা বহাৰ বাবে পাৰি দিয়া হ’ল ছোফা। আৰু ট্ৰেক্টৰত বহি বিয়া কৰাবলৈ আহিল ২নং ধুহিৰ চেলিমুদ্দিন আহমেদ।
দৰা চেলিমুদ্দিনে লোৱা এনে ব্যতিক্ৰমী প্ৰচেষ্টাৰ বাবে কইনা চাজিদা বেগম আৰু পৰিয়ালৰ সকলো লোকে খুবেই আনন্দিত। বহু টকা খৰচ কৰি বিলাসী বাহনত কইনা আনিবলৈ যোৱাৰ বিপৰীতে ছেলিমুদ্দিন আহমেদে ঢোলে–দগৰে কইনা আনিবলৈ গ’ল ট্ৰেক্টৰত। বিবাহ সম্পন্ন হোৱাৰ পিছত ন–কইনা চাজিদা বেদমো নতুন ঘৰলৈ আহিল ট্ৰেক্টৰত।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : March 23, 2023, 14:42 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।