ৰঙিয়াৰ বালাগাঁৱত চিলনী চোৰৰ সন্দেহত এজনক উত্তম মধ্যম । পালচাৰ বাইকেৰে অহা যুৱকক পাব্লিক ধুলাই দিলে একাংশই ।
এডাল সোনৰ চেইন লৈ দ্ৰুতগতিত ৰঙিয়াৰ বালাগাঁৱৰ পিনে গৈ আছিল লুটফুৰ আলী নামৰ এজন যুৱক ।বাইকৰ পিছে পিছে এখন চাৰিচকীয়া বাহন । কিন্তু তীব্ৰ বেগত অহা বাইকখন শ্মশান কালী মন্দিৰৰ সমীপত দুৰ্ঘটনাত পতিত হয় ।লগে লগে স্থানীয় একাংশ লোকে যুৱকজনক পঘাৰে বান্ধি আক্ৰমণ চলায় ।
ৰাইজৰ অভিযোগ যুৱকজনে সোণৰ চেইন ডাল চুৰি কৰি পলায়ন কৰিছে । সেয়ে একাংশ উত্তেজিত লোকে যুৱকজনক বান্ধি চৰ-ভূকুৰে প্ৰহাৰ কৰে ।পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু যুৱকজন কোনোমতে ৰক্ষা পৰে । কোনোৱে কৈছে যুৱকজনে সোনৰ চেইন ডাল উদিয়ানাৰ পৰা চুৰি কৰিছে , আন কোনোৱে কৈছে বালাগাঁৱৰ পৰা চুৰি কৰিছে । কিন্তু বৰ্তমানেও সোণৰ চেইনৰ গৰাকী ওলোৱা নাই । এতিয়াও ৰহস্যৰ আৱৰ্তত সমগ্ৰ ঘটনা।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|