এফালে ক'ৰোনাৰ আতংক, আনফালে বানত ককবকাইছে ৰাইজে। পানীত একাকাৰ বাট-পথ, নলা-নৰ্দমা...

News18 Assam | News18-Assam
Updated:May 4, 2021, 1:47 PM IST
এফালে ক'ৰোনাৰ আতংক, আনফালে বানত ককবকাইছে ৰাইজে। পানীত একাকাৰ বাট-পথ, নলা-নৰ্দমা...
বলিয়া বানত নহয়, কৃত্ৰিম বানত ডুবিছে ৰঙিয়া নগৰৰ মহাত্মা গান্ধী পথেৰে যাতায়ত কৰা সহস্ৰাধিক লোকে । পানীত একাকাৰ হৈছে নলা-নৰ্দমা, বাট-পথ ।

বলিয়া বানত নহয়, কৃত্ৰিম বানত ডুবিছে ৰঙিয়া নগৰৰ মহাত্মা গান্ধী পথেৰে যাতায়ত কৰা সহস্ৰাধিক লোকে । পানীত একাকাৰ হৈছে নলা-নৰ্দমা, বাট-পথ ।

  • Share this:
এফালে ক'ৰোনা ভাইৰাছৰ আতংক । আনফালে আকৌ বানত ককবকাইছে ৰঙিয়াৰ মহাত্মা গান্ধী পথৰ ৰাইজে । বলিয়া বানত নহয়, কৃত্ৰিম বানত ডুবিছে ৰঙিয়া নগৰৰ মহাত্মা গান্ধী পথেৰে যাতায়ত কৰা সহস্ৰাধিক লোকে । পানীত একাকাৰ হৈছে নলা-নৰ্দমা, বাট-পথ ।

ৰঙিয়া পৌৰসভাৰ পৰা নলা-নৰ্দমাসমুহৰ জাৱৰ চাফাই নকৰাৰ ফলত পানীৰে উপচি পৰিছে এই গুৰুত্বপূৰ্ণ পথটো । পথটো পানীয়ে বুৰাই পেলোৱাত ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে । ৰঙিয়া নগৰৰ পৰা পানী ওলাই যাব পৰা বিজ্ঞান সন্মত নলা নথকাৰ বাবেই কৃত্ৰিম বানৰ সমস্যা দিনক দিনে বৃদ্ধি পোৱা বুলি নগৰবাসীয়ে মন্তব্য কৰিছে । ৰঙিয়া পৌৰ সভাৰ অপৰিকল্পিত কাম কাজৰ বিৰুদ্ধে ৰাইজ ক্ষোভিত হৈ পৰিছে ।
Published by: Kokil Sarma
First published: May 4, 2021, 1:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি