உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ক'ৰোনা সংকটৰ মাজতে কৃষকৰ আশাৰ ৰেঙণি হৈ পৰিছে 'বীণা' আৰু 'হিমা' ! ৰঙিয়াৰ নকুলত এহেজাৰ খেতিয়কে আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ ।

    ক'ৰোনা সংকটৰ মাজতে কৃষকৰ আশাৰ ৰেঙণি হৈ পৰিছে 'বীণা' আৰু 'হিমা' ! ৰঙিয়াৰ নকুলত এহেজাৰ খেতিয়কে আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ ।

    এই ধানৰ খেতি বানপানীৰ মাজত ১৫ দিন থাকিলেও নষ্ট নহয় । ইয়াৰ উপৰিও কম সময়ৰ ভিতৰত এই বড়ো ধানৰ শস্য উৎপাদন হয় । পূৰ্বতে এবিঘা মাটিত মাত্ৰ ৭-৮ মোন ধানহে উৎপাদন হৈছিল , কিন্তু আধুনিক পদ্ধতিৰে কৰা এই নতুন প্ৰজাতিৰ ধান এবিঘা মাটিত ২০ ৰ পৰা ২৫ মোন ধান উৎপাদন হয় ।

    • Share this:
      ক'ৰোনা সংকটৰ মাজতে ৰঙিয়াৰ নকুলত এহেজাৰ খেতিয়কে আৰম্ভ কৰিছে কৃষি বিপ্লৱৰ । প্ৰায় পোন্ধৰ শ বিঘা মাটিত বড়ো ধানৰ খেতিৰে স্বাৱলম্বী হৈছে এহেজাৰ কৃষক । কৃষি ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হৈছে ।

      প্ৰথমবাৰৰ বাবে বীণা আৰু হিমা নামৰ উন্নত প্ৰজাতিৰ ধান ৰোপণ কৰিছে খেতি পথাৰত । পৰম্পৰাগতভাবে কষি কাৰ্যত জড়িত এইসকল খেতিয়ক । লহপহকৈ বাঢ়ি অহা এই নতুন প্ৰজাতিৰ ধানৰ খেতি বৈজ্ঞানিক পদ্ধতিৰে কৰি যথেষ্ট লাভবান হৈছে । এই ধানৰ খেতি বানপানীৰ মাজত ১৫ দিন থাকিলেও নষ্ট নহয় । ইয়াৰ উপৰিও কম সময়ৰ ভিতৰত এই বড়ো ধানৰ শস্য উৎপাদন হয় । পূৰ্বতে এবিঘা মাটিত মাত্ৰ ৭-৮ মোন ধানহে উৎপাদন হৈছিল , কিন্তু আধুনিক পদ্ধতিৰে কৰা এই নতুন প্ৰজাতিৰ ধান এবিঘা মাটিত ২০ ৰ পৰা ২৫ মোন ধান উৎপাদন হয় । এনেদৰে উৎপাদন তিনিগুণ বৃদ্ধি হোৱাৰ লগে লগে কৃষকসকলে অধিক লাভান্বিত হব বুলি আশা কৰিছে । ইফালে এডোখৰ মাটিত বিজ্ঞানসন্মতভাৱে বছৰত তিনি-চাৰি বাৰকৈ বিভিন্ন খেতি কৰাৰ বাবে অঞ্চলটোৰ সহস্ৰাধিক কৃষকসকলক কৃষি বিভাগে প্ৰশিক্ষণ দিছে । এনেদৰে খেতি কৰিলে সাধাৰণ খেতিয়ক সকলে যথেষ্ট লাভান্বিত হব আশা প্ৰকাশ কৰিছে । সহস্ৰাধিক কৃষকে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও বহু লোকক দেখুৱাইছে উপাৰ্জনৰ পথ । চৰকাৰী চাকৰিৰ বাবে দৌৰি দৌৰি হাৰ নামানি কৃষি কাৰ্যত জড়িত হৈছিল এই খেতিয়কসকল । নিজে হাতে কামে লাগি এক নিদৰ্শন দাঙি ধৰিছে কৃষি কাৰ্যৰ জড়িয়তে । শিক্ষিত নিবনুৱা যুৱক যুৱতী সকলেলৈ আহ্বান :- এনেধৰণৰ খেতিৰ দ্বাৰা হব পাৰে স্বাৱলম্বী ।
      Published by:Kokil Sarma
      First published: