পাইকাৰী ব্যৱসায়ীয়ে ৰচিদত লিখা মূল্যতকৈ অধিক দাম লোৱাৰ অভিযোগ, প্ৰতিবাদৰ বাবে ধমক দিলে যোগান মন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱা ডিমুৰ ব্যৱসায়ীক...

News18 Assam | News18-Assam
Updated:June 9, 2021, 9:04 AM IST
পাইকাৰী ব্যৱসায়ীয়ে ৰচিদত লিখা মূল্যতকৈ অধিক দাম লোৱাৰ অভিযোগ, প্ৰতিবাদৰ বাবে ধমক দিলে যোগান মন্ত্ৰীয়ে সম্বৰ্ধনা জনোৱা ডিমুৰ ব্যৱসায়ীক...
আমিনগাঁৱৰ চকীগেটৰ বজৰংগ এণ্ড কো নামৰ পাইকাৰী দোকানৰ স্বত্তাধিকাৰীয়ে ৰচিদত লিখাতকৈ লৈছে অত্যাধিক মূল্য । ডিমুৰ ব্যৱসায়ীয়ে এই কথাত প্ৰতিবাদ কৰাৰ বাবেই ধমকি দিলে পাইকাৰী ব্যৱসায়ীয়ে ।

আমিনগাঁৱৰ চকীগেটৰ বজৰংগ এণ্ড কো নামৰ পাইকাৰী দোকানৰ স্বত্তাধিকাৰীয়ে ৰচিদত লিখাতকৈ লৈছে অত্যাধিক মূল্য । ডিমুৰ ব্যৱসায়ীয়ে এই কথাত প্ৰতিবাদ কৰাৰ বাবেই ধমকি দিলে পাইকাৰী ব্যৱসায়ীয়ে ।

  • Share this:
যোগান মন্ত্ৰী অথবা যোগান বিভাগক কেৰেপ নকৰে পাইকাৰী ব্যৱসায়ীয়ে । নিজ ময়মতালিৰে বঢ়াইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম । প্ৰতি বেগ পিয়াজৰ মূল্য ৰচিদত লিখাতকৈ তিনিশ টকাকৈ লৈছে বেছি । এই অভিযোগ ডিমুৰ ব্যৱসায়ীসকলৰ।

কামৰূপ জিলাৰ ডিমুৰ ব্যৱসায়ীসকলে প্ৰতিবাদ কৰাৰ বাবেই ধমকি দিলে পাইকাৰী ব্যৱসায়ীয়ে । যোগান মন্ত্ৰী ৰঞ্জিত দাসে প্ৰশংসাৰে উপচাই দিয়া ৰঙিয়াৰ ডিমুৰ ব্যৱসায়ীসকলৰ এই অভিযোগ। মিনি লকডাউনৰ সময়ত ৰঙিয়াৰ ডিমুৰ ব্যৱসায়ীসকলে চৰকাৰী দামত অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰিছে । ব্যৱসায়ীসকলৰ পদক্ষেপক প্ৰশংসা কৰি যোগান মন্ত্ৰী ৰঞ্জিত দাসে নিজে আহি ব্যৱসায়ীসকলক সম্বৰ্ধনা জনাইছিল । কিন্তু এতিয়া সেই ব্যৱসায়ীসকলে পাইকাৰী ব্যৱসায়ীৰ পৰা ধমকি খাব লগা হৈছে ।



আমিনগাঁৱৰ চকীগেটৰ বজৰংগ এণ্ড কো নামৰ পাইকাৰী দোকানৰ স্বত্তাধিকাৰীয়ে ৰচিদত লিখাতকৈ লৈছে অত্যাধিক মূল্য । খুচুৰা ব্যৱসায়ীগৰাকীয়ে ৰচিদ লিখাতকৈ বেছি মূল্য লোৱা ভিডিঅ' মোবাইলত আবদ্ধ কৰিছে । ঘটনা সন্দৰ্ভত ইতিমধ্যে ভূক্তভোগী খুচুৰা ব্যৱসায়ীয়ে ৰঙিয়া যোগান বিভাগ, ৰঙিয়া মহকুমাধিপতি আৰু কামৰূপ উপায়ুক্তত অভিযোগ দিছে । এতিয়া প্ৰশ্ন হ'ল যদি পাইকাৰী ব্যৱসায়ীয়ে নিজ ময়মতালিৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ লগতে ৰচিদত লিখা দামতকৈ অত্যাধিক দাম লয় তেন্তে খুচুৰা ব্যৱসায়ীয়ে কি কৰিব ? অত্যাধিক মূল্যত ক্ৰয় কৰা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য সাধাৰণ গ্ৰাহকৰ ওচৰত নপৰিবনে ! এইসকল বহিঃৰাজ্যৰ ব্যৱসায়ীৰ ওপৰত যোগান বিভাগে কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে ?
Published by: Kokil Sarma
First published: June 9, 2021, 9:04 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি