
ৰঙিয়াৰ ধুহিবালাত প্ৰলয়ংকাৰী বান । লোৰমা গুৰহাটীত মথাউৰি চিঙি বৰলীয়া নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । মূহুৰ্ততে মথাউৰি চিঙি উটুৱাই নিছে কেইবাটাও পৰিয়ালৰ ঘৰ ।
ৰঙিয়াৰ ধুহিবালাত প্ৰলয়ংকাৰী বান । লোৰমা গুৰহাটীত মথাউৰি চিঙি বৰলীয়া নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । মূহুৰ্ততে মথাউৰি চিঙি উটুৱাই নিছে কেইবাটাও পৰিয়ালৰ ঘৰ ।
ৰঙিয়াৰ ধুহিবালাত প্ৰলয়ংকাৰী বান । লোৰমা গুৰহাটীত মথাউৰি চিঙি বৰলীয়া নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰিছে । মূহুৰ্ততে মথাউৰি চিঙি উটুৱাই নিছে কেইবাটাও পৰিয়ালৰ ঘৰ । চকুৰ সন্মুখতে সপোনৰ ঘৰখন নৈৰ বানত জাহ যোৱাত মুৰে কপালে হাত দিছে ভূক্তভোগী পৰিয়ালকেইটাই ।
ধুহিবালা, জয়ন্তীপুৰ আৰু আৰিমত্ত পঞ্চায়তৰ অৰ্ধ শতাধিক গাঁৱত বিপদ সীমাৰ ওপৰেৰে বৈছে নৈৰ পানী । বানত ককবকাইছে ৰঙিয়া সমষ্টিৰ লগতে হাজো সমষ্টিৰ শতাধিক গঞা ৰাইজ । প্ৰলয়ংকাৰী বানত কেইবা সহস্ৰাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ বিনষ্ট হৈছে । বিচনাৰ ওপৰত বিচনা জোৰা দি আশ্ৰয় লৈছে শিশু সকলে । গড়কাপ্তানী পথৰ ওপৰত একোকাল পানী, যাতায়ত বন্ধ হৈ পৰিছে । ওখ স্থান বিচাৰি হাহাকাৰ বানাক্ৰান্ত ৰাইজৰ । আশ্ৰয় লবলৈ নাই ওখ স্থান । পানীৰ ওপৰতে জীৱ জন্তৰ লগত সহাৱস্থান কৰিব লগা হৈছে জনসাধাৰণে । এখাজ আহাৰৰ বাবে হাহাকাৰ লাগিছে বানাক্ৰান্ত ৰাইজৰ । বানত নষ্ট হৈছে হাজাৰ হাজাৰ বিঘা মাটিৰ খেতি । বানত পুখুৰীৰ পৰা মাছ ওলাই যোৱাত হাহাকাৰ লাগিছে মৎস্য পালকসকলৰ । পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুকলৈ চিন্তিত হৈ পৰিছে বন্যাৰ্ত ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|