• Home
  • »
  • News
  • »
  • assam
  • »
  • Covid Vaccine: ৰঙিয়াত ক'ভিভ ভেকচিনৰ নাটনি ! ক'ভিড ভেকচিনৰ নাটনিৰ বাবে হাহাকাৰ লাগিছে ৰঙিয়াৰ ৰাইজৰ মাজত...

Covid Vaccine: ৰঙিয়াত ক'ভিভ ভেকচিনৰ নাটনি ! ক'ভিড ভেকচিনৰ নাটনিৰ বাবে হাহাকাৰ লাগিছে ৰঙিয়াৰ ৰাইজৰ মাজত...

ৰঙিয়া স্বাস্থ্য খণ্ডৰ অধীনত ১২ টা ক'ভিড ভেকচিন কেন্দ্ৰ আছে । কিন্তু প্ৰতিষেধক কেন্দ্ৰ কেইটাৰ প্ৰায়ভাগতেই নাই ক'ৰোনাৰ প্ৰতিষেধক । ৰাতিপুৱাৰ পৰা দীঘলীয়া শাৰী পাতি প্ৰতিষেধক অবিহনে উভতিব লগা হৈছে শ শ লোক ।

  • Share this:
    ৰঙিয়াত ক'ভিভ প্ৰতিষেধকৰ নাটনি । ক'ভিড প্ৰতিষেধকৰ নাটনিৰ বাবে হাহাকাৰ লাগিছে ৰঙিয়াৰ ৰাইজৰ মাজত । ৰঙিয়া স্বাস্থ্য খণ্ডৰ ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভেকচিন কেন্দ্ৰত যোৱা দুদিনে নাই ক'ভিড ভেকচিন ।

    স্বাস্থ্য বিভাগৰ পৰা ক'ভিড ভেকচিন যোগান নধৰাৰ ফলত বহুতে ভয় শংকাত দিন অতিবাহিত কৰিবলগীয়া হৈছে । ইফালে ৰঙিয়াত ৰঙিয়া স্বাস্থ্য খণ্ডৰ অধীনত ১২ টা ক'ভিড ভেকচিন কেন্দ্ৰ আছে । কিন্তু প্ৰতিষেধক কেন্দ্ৰ কেইটাৰ প্ৰায়ভাগতেই নাই ক'ৰোনাৰ প্ৰতিষেধক । ৰাতিপুৱাৰ পৰা দীঘলীয়া শাৰী পাতি প্ৰতিষেধক অবিহনে উভতিব লগা হৈছে শ শ লোক । যোৱা দুদিনে ভেকচিন কেন্দ্ৰসমুহত ৰাতিপুৱাৰ পৰা দীঘলীয়া শাৰী পাতিও ভেকচিন গ্ৰহণ কৰিব পৰা নাই কেইবা বহু লোকে । ৰাজ্য চৰকাৰৰ ফালৰ পৰা পৰ্যাপ্ত পৰিমাণৰ ক'ভিভ ভেকচিন যোগান ধৰা যিমানেই দাবী নকৰক কিয়, সেয়া যে বাস্তৱ ক্ষেত্ৰত হৈ উঠা নাই তাৰেই জলন্ত উদাহৰণ ৰঙিয়াৰ ক'ভিড ভেকচিন কেন্দ্ৰসমুহ । ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰঙিয়াত । উল্লেখ্য যে ৰাজ্যত শেহতীয়াভাৱে কভিড আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে যদিও ৰঙিয়াত ক'ভিড আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি হোৱাহে পৰিলক্ষিত হৈছে । বৰ্তমানলৈকে ৰঙিয়াত ক'ভিড-১৯ আক্ৰান্ত হৈ ৩৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছে ১৫০০ গৰাকীতকৈও অধিক । ক'ভিড-১৯ নিয়ন্ত্ৰণৰ বাবে ৰঙিয়াত পৰ্যাপ্ত ক'ৰোনা প্ৰতিষেধক যোগান ধৰাৰ আহ্বান জনাইছে সচেতন মহলে ।
    Published by:Kokil Sarma
    First published: