ইয়াত এখন কাঠৰ দলং আছিল, এতিয়া নাই ! ক'ৰোনা কালত বন্ধ যাতায়াত...

News18 Assam | News18-Assam
Updated:June 9, 2021, 9:19 AM IST
ইয়াত এখন কাঠৰ দলং আছিল, এতিয়া নাই ! ক'ৰোনা কালত বন্ধ যাতায়াত...
ৰঙিয়াৰ লৰমা-গৌৰহাটীত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে একমাত্ৰ কাঠৰ দলংখন । বাৰিষাৰ প্ৰথমটো বানতেই উটি গ'ল অঞ্চলবাসীৰ যাতায়াতৰ সম্বল এই দলংখন।

ৰঙিয়াৰ লৰমা-গৌৰহাটীত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে একমাত্ৰ কাঠৰ দলংখন । বাৰিষাৰ প্ৰথমটো বানতেই উটি গ'ল অঞ্চলবাসীৰ যাতায়াতৰ সম্বল এই দলংখন।

  • Share this:
ৰঙিয়াৰ লৰমা-গৌৰহাটীত বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে একমাত্ৰ কাঠৰ দলংখন । বাৰিষাৰ প্ৰথমটো বানতেই উটি গ'ল অঞ্চলবাসীৰ যাতায়াতৰ সম্বল এই দলংখন। তাৰ পিছতেই  চিন্তিত হৈ পৰিছে ৰাইজ !

কামৰূপ জিলাৰ ৰঙিয়া আৰু হাজো সমষ্টিৰ সীমামুৰীয়া এই অঞ্চলটোৰ মাজেৰে বৈ গৈছে বৰলীয়া নৈ। প্ৰৱল বৃষ্টিপাতৰ ফলত হঠাতে অহা ঢলে বহু ভিতৰুৱা এই অঞ্চলটোৰ দুয়োপাৰ সংযোগী কাঠৰ দলংখন উটুৱাই লৈ যায়। যাৰ ফলত এতিয়া অঞ্চলটোৰ দুয়োপাৰৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।  স্থানীয় ৰাইজে প্ৰয়োজনত প্ৰায় কেইবা কিলোমিটাৰ আতৰেৰে অন‍্য পথেৰে যাত্ৰা কৰিবলৈ বাধ্য হৈছে। ক'ভিডৰ এই সংকটকালত যোগাযোগৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দলংখন উটি যোৱা বাবে অঞ্চলটোলৈ জৰুৰীকালীন সেৱাসমুহ বৰ্তমান বন্ধ হৈ আছে। এছ অ' পি জাৰি হৈ থকাৰ মাজতে ৰাইজৰ দৈনন্দিন কামকাজ সমুহো সম্পাদন কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

ইতিপূৰ্বে অঞ্চলটোৰ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক এখন পকী দলঙৰ বাবে বাৰম্বাৰ আবেদন কৰি আহিছে যদিও আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। অতবছৰে ৰাইজে দুৰ্বল দলংখনেৰে মৰণক শৰণ কৰি কোনোমতে যাতায়াত কৰি আহিছে যদিও বাৰিষাৰ বৰলীয়া নৈৰ বাঢ়নী পানীয়ে দলংখন উটুয়াই লৈ যায় বাবে বৰ্তমান সম্পূৰ্ণ যাতায়াত বন্ধ হৈ পৰিছে।
Published by: Kokil Sarma
First published: June 9, 2021, 9:19 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি