ৰঙিয়াৰ চিৰাখুন্দি-বিহাপাৰা সংযোগী পথৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ বিপজ্জনক যাত্ৰা । প্ৰায় ডেৰ বছৰ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত কুমহা জানৰ ওপৰত ইয়াত থকা কাঠৰ দলংখন উটুৱাই নিছিল ।
ৰঙিয়াৰ চিৰাখুন্দি-বিহাপাৰা সংযোগী পথৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ বিপজ্জনক যাত্ৰা । প্ৰায় ডেৰ বছৰ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত কুমহা জানৰ ওপৰত ইয়াত থকা কাঠৰ দলংখন উটুৱাই নিছিল ।
বিকশিত অসমৰ অবিকশিত ছবি । ৰঙিয়াৰ চিৰাখুন্দি-বিহাপাৰা সংযোগী পথৰ এখন জৰাজীৰ্ণ বাঁহৰ দলঙেৰে ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ বিপজ্জনক যাত্ৰা । প্ৰায় ডেৰ বছৰ পূৰ্বে হোৱা প্ৰলয়ংকাৰী বানত কুমহা জানৰ ওপৰত ইয়াত থকা কাঠৰ দলংখন উটুৱাই নিছিল । যাৰ বাবে এই বৃহত্তৰ অঞ্চলটোৰ মাজত যাতায়ত বন্ধ হৈ পৰিছিল ।
যাতায়াতৰ নামত দুৰ্ভোগ ভুগি থকা অতিষ্ঠ ৰাইজে উপায়ন্তৰ হৈ বাঁহৰ দলং এখন নিৰ্মাণ কৰে । কিন্তু বৰ্তমান এই বাঁহৰ দলংখনৰ অৱস্থা শোচনীয় হৈ পৰিছে । যাৰ বাবে অতি বিপজ্জনকভাৱে মৰণক শৰণ দি ৰাইজে যাতায়াত কৰিবলৈ বাধ্য হৈছে । বিশেষ দুয়ো পাৰে থকা দুখন প্ৰাথমিক বিদ্যালয়ৰ কণ কণ ছাত্র-ছাত্ৰী সকলে ভয়ে ভয়ে দলংখনেৰে অহা-যোৱা কৰে । ইফালে এই বিধ্বস্ত দলংখনেৰে অহা-যোৱা কৰোতে বহু কেইটা দুৰ্ঘটনাও সংঘটিত হৈছে । অতিশীঘ্ৰে ইয়াত এখন পকী দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা উন্নত কৰি তুলিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|