হাইৱে'ত ভয়ংকৰ দুৰ্ঘটনা । দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ'ল বাইক আৰোহীৰ।

News18 Assam | News18-Assam
Updated:May 5, 2021, 9:23 AM IST
হাইৱে'ত ভয়ংকৰ দুৰ্ঘটনা । দ্ৰুতবেগী বাহনৰ খুন্দাত থিতাতে প্ৰাণ গ'ল বাইক আৰোহীৰ।
ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়ালে বাইক আৰোহীক । দুৰ্ঘটনাত থিতাতে নিহত হয় ৰঙিয়াৰ উদিয়ানাৰ চাইদুৰ আলী নামৰ এজন যুৱক ।

ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়ালে বাইক আৰোহীক । দুৰ্ঘটনাত থিতাতে নিহত হয় ৰঙিয়াৰ উদিয়ানাৰ চাইদুৰ আলী নামৰ এজন যুৱক ।

  • Share this:
ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানাত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দ্ৰুতবেগী ট্ৰেইলাৰে মহতিয়ালে বাইক আৰোহীক । দুৰ্ঘটনাত থিতাতে নিহত হৈছে ৰঙিয়াৰ উদিয়ানাৰ চাইদুৰ আলী নামৰ এজন যুৱকে ।

গুৱাহাটী অভিমুখী ট্ৰেইলাৰখনে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উদিয়ানা চকত ৰৈ থকা পালচাৰ বাইকত খুন্দিয়াই মহতিয়াই নিয়ে। যাৰ ফলত থিতাতে কৰুণ মৃত্যুক আকোৱালি লয় যুৱকজনে । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে গুৱাহাটী অভিমুখে পলায়ন কৰে ট্ৰেইলাৰসহ চালকজনে । আনহাতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে তীব্ৰ যান-জঁটৰ সৃষ্টি হয় ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ওপৰত । শ শ যান বাহন আবদ্ধ হৈ পৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত।  যুৱকজনৰ আকস্মিক মৃত্যুত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ উদিয়ানা অঞ্চলত ।
Published by: Kokil Sarma
First published: May 5, 2021, 7:51 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি