• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰাজ্যত চৰকাৰী নিযুক্তিত পুনৰ বঞ্চিত হ'ল থলুৱা নিৱনুৱা। ৰে'ল বিভাগত থলুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱকক নিযুক্তি।

ৰাজ্যত চৰকাৰী নিযুক্তিত পুনৰ বঞ্চিত হ'ল থলুৱা নিৱনুৱা। ৰে'ল বিভাগত থলুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱকক নিযুক্তি।

ৰে'ল বিভাগত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত থলুৱাক নিযুক্তি দিয়াৰ বাবে দীৰ্ঘদিনীয়া আন্দোলন কৰি অহাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এই বিভাগটোৱে ৰাজ্যৰ শিক্ষিত নিবনুৱাক বঞ্চিত কৰি আহিছে।

  • Share this:
    পুনৰ বঞ্চনাৰ বলি হ'ল থলুৱা নিবনুৱা যুৱক যুৱতী। এইবাৰ  অসম বিৰোধী চক্ৰৰ চকু ৰঙিয়া ৰে'ল সংমণ্ডলত । ৰঙিয়া ৰে'ল বিভাগত থলুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱকক নিযুক্তি । উত্তৰ পুৱ সীমান্ত ৰে'লৱেৰ ৰঙিয়া মাণ্ডলিক ৰে'ল প্ৰবন্ধকৰ অধীনত ২৪ জন বহিঃৰাজ্যৰ যুৱকক দিয়া হৈছে নিযুক্তি ।

    কোৰোণা পৰিস্থিতিৰ অচিলা লৈ অতি সংগোপনে সমাপন কৰিলে এই নিযুক্তি প্ৰক্ৰিয়া।  গোপন নিযুক্তিৰ কথা জানিব পাৰি সংমণ্ডলটোত উপস্থিত হৈ স্থানীয় আছুৰ কৰ্ম-কৰ্তাসকলে থলুৱা বিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে জাঙুৰ খাই উঠে । ৰে'ল বিভাগে অসমক মাহী আইৰ দৃষ্টিৰে চাই অহা বুলি অভিযোগ কৰে আছুৰ কৰ্মীসকলে।

    ৰে'ল বিভাগত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদত থলুৱাক নিযুক্তি দিয়াৰ বাবে দীৰ্ঘদিনীয়া আন্দোলন কৰি অহাৰ পিছতো কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এই বিভাগটোৱে ৰাজ্যৰ শিক্ষিত নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ যুৱক-যুৱতীক নিযুক্তি দিয়াত যথেষ্ট ক্ষোভ ব্যক্ত কৰে আছুৰ কৰ্ম-কৰ্তা সকলে।
    Published by:Manjumoni Borah
    First published: