দেওবাৰে সামৰণি পৰিল বৰপেটাত অনুষ্ঠিত ৩০সংখ্যক ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ। চাৰিদিনীয়াকৈ অনুষ্ঠিত নাট মহোৎসৱত ইম্ফল, কলকাতা, মুম্বাইৰ শিল্পীয়ে নাট পৰিৱেশনৰ পিছত দেওবাৰে নিশা স্বাধীন থিয়েটাৰ দলে পৰিৱেশন কৰে ঋতুপৰ্ণ দাসৰ ৰচনা পৰিচালনাৰে 'তোমাৰ নিবিড় মায়াৰে' আৰু উৰুগুৱেৰ এমাৰেছ থিয়েট্ৰ' দলে নিবেদন কৰে ৰিঅ' নামৰ নাটখন ৷
প্ৰথমবাৰৰ বাবে বিদেশৰ নাট্য দলে পৰিৱেশন কৰা নাট উপভোগ কৰিবলৈ দৰ্শকেৰে ভৰি পৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ৷ উৰুগুৱেৰ প্ৰখ্যাত নাট পৰিচালক তথা অভিনেতা এণ্ড্ৰেছ ফেজিঅ'লীন' (ANDRES FEGIOLINO) আৰু বেটিনা এণ্ডাৰিনাৰ অভিনয়েৰে সমৃদ্ধ ৰিঅ' নাটখন উপভোগ কৰি দৰ্শক আপ্লুত হৈ পৰে ৷ বিশেষকৈ নাটখনৰ মাজে মাজে অসমীয়া শব্দ প্ৰয়োগেৰে দৰ্শকৰ সৈতে এক আত্মিক সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস কৰে অভিনেতা এণ্ড্ৰেছ ফেজিঅ'লীন' আৰু অভিনেত্ৰী বেটিনা এণ্ডাৰিনাই ৷
ইয়াৰ পূৰ্বে ঋতুপৰ্ণ দাসৰ পৰিচালনাৰে নিবেদন কৰা 'তোমাৰ নিবিড় মায়াৰে' শীৰ্ষক নাটখনত অপৰ্ণা দত্ত চৌধুৰী আৰু সত্যজিৎ গগৈৰ অভিনয়েও দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলে।
দুয়োখন নাটৰ শেষত নাট দুখনৰে জড়িত পৰিচালক আৰু অভিনেতা-অভিনেত্ৰীসকলৰ সৈতে সাংবাদিক আৰু দৰ্শকৰ এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানতে এণ্ড্ৰেছ ফেজিঅ'লীন' ভাৰতবৰ্ষ সাংস্কৃতিকভাৱে অতি চহকী আৰু বৈচিত্ৰ্যপূৰ্ণ বুলি প্ৰকাশ কৰে ৷
অভিনেতাগৰাকীয়ে ব্ৰহ্মপুত্ৰ নদীৰ কথা উল্লেখ কৰি পৃথিৱীৰ বহু দেশত নৈবোৰ শুকাই যোৱাৰ কথা ব্যক্ত কৰে ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত নাটকৰ মাজেৰে মানুহৰ মাজত জিজ্ঞাসাৰ বীজ ৰোপণ কৰা আৰু পৰিৱেশ ৰক্ষাৰ বাবে কাম কৰাৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে ৷ অভিনেত্ৰী বেটিনা এণ্ডাৰিনাই প্ৰথমবাৰৰ বাবে অসমলৈ অহা বুলি প্ৰকাশ কৰাৰ লগতে বিহুৰ কথাও উল্লেখ কৰে ৷ আনহাতে তেওঁ মনৰ ভাব আদান-প্ৰদানৰ বাবে অসমীয়া শিকা আৰু তাৰে দুই এটা অসমীয়া শব্দ উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|