বাকী চৰকাৰী নিয়ম মানিব, কিন্তু ৰঙাপৰাৰ পূজা কমিটীয়ে নকৰে কোভিড পৰীক্ষা

News18 Assam | News18-Assam
Updated:October 21, 2020, 10:33 AM IST
বাকী চৰকাৰী নিয়ম মানিব, কিন্তু ৰঙাপৰাৰ পূজা কমিটীয়ে নকৰে কোভিড পৰীক্ষা
বছৰেকীয়া এই আনন্দৰ সময়ত তেওঁলোকে কোভিডত আক্ৰান্ত হৈ বছৰৰ আনন্দ উপভোগৰ পৰা বিৰত থাকিব বিচৰা নাই৷

বছৰেকীয়া এই আনন্দৰ সময়ত তেওঁলোকে কোভিডত আক্ৰান্ত হৈ বছৰৰ আনন্দ উপভোগৰ পৰা বিৰত থাকিব বিচৰা নাই৷

  • Share this:
শোণিতপুৰৰ ৰঙাপৰাৰ একাংশ পূজা কমিটীয়ে নকৰে কোভিড পৰীক্ষা। অৱশ্যে চৰকাৰে জাৰি কৰা অন্যান্য নীতি-নিৰ্দেশনাসমূহ পালন কৰাৰ ক্ষেত্ৰত বিৰোধিতা নকৰে। চৰকাৰী প্ৰটকল মানি শাৰদীয় দুৰ্গা পূজা অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে আয়োজকসকল সাজু হৈছে।

উল্লেখযোগ্য যে ৰঙাপৰাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিখন দুৰ্গা পূজাৰ সমিতি আৰু পূজাৰী সকলক পূজাৰ প্ৰথম দিনা অৰ্থাৎ ষষ্ঠীত কোভিড পৰীক্ষা কৰিবলৈ জিলা প্ৰশাসনে নিৰ্দেশনা দিয়াত বিমোৰত পৰিছে আয়োজকসকল। একাংশ দুৰ্গা পূজা সমিতিয়ে  শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকক্ষণত কোভিড পৰীক্ষা কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে।

এই সন্দৰ্ভত ৰঙাপৰা সনাতন ধৰ্ম মণ্ডলী নামঘৰ সমিতিৰ উদ্যোগত নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত সভাত ৰঙাপৰা আৰক্ষী থানা এলেকাৰ একাংশ পূজা সমিতিৰ বিষয়ববীয়াসকলে  কোভিড পৰীক্ষা কৰাৰ যি চৰকাৰী নিয়ম সেয়া মানি ল’বলৈ আস্বীকাৰ কৰিছে।

বছৰেকীয়া এই আনন্দৰ সময়ত তেওঁলোকে কোভিডত আক্ৰান্ত হৈ বছৰৰ আনন্দ উপভোগৰ পৰা বিৰত থাকিব বিচৰা নাই৷ ৰঙাপৰাৰ অধিকাংশ পূজা সমিতিৰ বিষয়ববীয়াৰ লগতে পূজাৰীসকলেও এই পৰীক্ষা কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰা নাই৷ কাৰণ যদি কোভিড পৰীক্ষা কৰাৰ পাছত যদি পূজাৰীজন কোভিড আক্ৰান্ত হয়, উক্ত পূজা সমিতিৰ পূজাৰ দায়িত্ব কোনে ল’ব বুলি প্ৰশ্ন কৰিছে পূজা সমিতিসমূহে। যাৰ বাবেই ৰঙাপৰাৰ অধিকাংশ পূজা সমিতিয়ে চৰকাৰ এই সিদ্ধান্ত বিৰোধিতা কৰিছে।
Published by: Sanjay Kumar Das
First published: October 21, 2020, 10:33 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading