• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Congress: দুবছৰ পূৰ্বে ৰিপুণ বৰাক এপিচিচিৰ সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ পত্ৰ দিছিল হাইকমাণ্ডক, স্বাক্ষৰ কৰিছিল এইসকল জ্যেষ্ঠ নেতাই

Assam Congress: দুবছৰ পূৰ্বে ৰিপুণ বৰাক এপিচিচিৰ সভাপতি পদৰ পৰা অপসাৰণ কৰিবলৈ পত্ৰ দিছিল হাইকমাণ্ডক, স্বাক্ষৰ কৰিছিল এইসকল জ্যেষ্ঠ নেতাই

এপিচিচিৰ প্ৰাক্তন সভাপতিগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে দলীয় পুঁজিত কোটি কোটি টকাৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ।

এপিচিচিৰ প্ৰাক্তন সভাপতিগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে দলীয় পুঁজিত কোটি কোটি টকাৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ।

এপিচিচিৰ প্ৰাক্তন সভাপতিগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে দলীয় পুঁজিত কোটি কোটি টকাৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ।

  • Share this:
প্ৰায় দুবছৰ পূৰ্বেই কংগ্ৰেছৰ তিনিগৰাকীকৈ সাংসদকে ধৰি একাংশ জ্যেষ্ঠ নেতাই ৰিপুণ বৰাক অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা অপসাৰণ কৰিবলৈ কংগ্ৰেছ হাই কমাণ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছিল । ৰিপুণ বৰাৰ তৃণমূল কংগ্ৰেছত (TMC) যোগদানৰ পিছত এপিচিচিৰ প্ৰাক্তন সভাপতিগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে দলীয় পুঁজিত কোটি কোটি টকাৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কংগ্ৰেছ দল ত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছতে এপিচিচিৰ কাৰ্যকৰী সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে ৰিপুণ বৰা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ।

প্ৰায় দুবছৰ পূৰ্বেই কংগ্ৰেছৰ তিনিগৰাকী সাংসদ আৰু একাংশ জ্যেষ্ঠ নেতাই ৰিপুণ বৰা (Congress Leader Ripun Bora) সন্দৰ্ভত এক পত্ৰ কংগ্ৰেছ হাই কমাণ্ডলৈ প্ৰেৰণ কৰিছিল, য'ত ৰিপুণ বৰাক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰ পদৰ পৰা অপসাৰণ কৰিবলৈ কোৱা হৈছিল। এই পত্ৰত ৰাণা গোস্বামী , ভূপেন বৰা , দেৱব্ৰত শইকীয়াৰ দৰে জ্যেষ্ঠ নেতাই স্বাক্ষৰ কৰিছিল। এপিচিচিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে প্ৰকাশ কৰিছে এই তথ্য। বিগত বিধানসভা নিৰ্বাচনৰ প্ৰায় এবছৰ পূৰ্বে অসমৰ বিভিন্ন স্তৰৰ লোকৰ পৰা মতামত সংগ্ৰহ কৰি ৰিপুণ বৰাক সভাপতি পদৰ পৰা অপসাৰণ কৰা সন্দৰ্ভত এই পত্ৰ প্ৰেৰণ কৰা হৈছিল বুলি জানিবলৈ দিছে ৰাণা গোস্বামীয়ে (Rana Goswami) ।

"যোৱা বিধানসভা নিৰ্বাচনৰ প্ৰায় এবছৰ পূৰ্বে আমাৰ একাংশ জ্যেষ্ঠ নেতাই কংগ্ৰেছ হাই কামাণ্ডলৈ ৰিপুণ বৰাক এপিচিচিৰ সভাপতি পদৰ পৰা অব্যাহতি দিবলৈ লিখি এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ। ইয়াৰ বাবে আমি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা-ভাষী, চাহ বাগিচা অঞ্চলৰ লোকসকলৰ মতামত লৈ এই পত্ৰ প্ৰেৰণ কৰা হৈছিল। এই পত্ৰত তিনিগৰাকী সাংসদে স্বাক্ষৰ কৰিছিল। মোৰ লগতে ভূপেন বৰা আৰু দেৱব্ৰত শইকীয়ায়ো স্বাক্ষৰ কৰিছিল। আজি প্ৰথমবাৰৰ বাবে মই দলৰ এই ভিতৰুৱা কথাটো প্ৰকাশ কৰিছোঁ। ৰিপুণ বৰাই দল ত্যাগ কৰাটো প্ৰত্যাশিত।" জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে এনেদৰে কয় ।

আনহাতে ৰিপুণ বৰাৰ বিৰুদ্ধে উত্থাপন হৈছে বিত্তীয় অনিয়মৰ আন এক ভয়ংকৰ অভিযোগ। এপিচিচিৰ প্ৰাক্তন সভাপতিগৰাকীয়ে দলীয় পুঁজিত ব্যাপক খেলিমেলি কৰাৰ গুৰুতৰ অভিযোগ আনিছে। কংগ্ৰেছ দলৰ বাবে পুঁজি সংগ্ৰহৰ বাবে ৰিপুণ বৰাৰ কাৰ্যকালত প্ৰায় ছয় কোটি টকাৰ কুপন অসমৰ সমষ্টিসমূহলৈ পঠোৱা হৈছিল। প্ৰায় ছয় কোটি টকাৰ সেই কুপনসমূহৰ জৰিয়তে কিমান ধন সংগ্ৰহ কৰা হ'ল তাৰ কোনো হিচাপ দিয়া নাই ৰিপুণ বৰাই। এই সন্দৰ্ভত বৰ্তমান তদন্তও আৰম্ভ কৰা হৈছে । আৰু আসন্ন বিপদৰ উমান পাই ৰিপুণ বৰাই অন্য দলৰ শৰণাপন্ন হৈছে বুলি মত ব্যক্ত কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাণা গোস্বামীয়ে।

নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়াৰ ক্ষেত্ৰত ৰিপুণ বৰাই ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল জ্যেষ্ঠ কংগ্ৰেছ নেতা নীলমণি সেন ডেকাই । কিন্তু এই অভিযোগ সন্দৰ্ভতো  ৰিপুণ বৰাই কোনো সুদুত্তৰ দিব নোৱাৰিলে বুলি মত ব্যক্ত কৰি ৰাণা গোস্বামীয়ে কয় যে নিজৰ চেকা আঁতৰাবলৈ ৰিপুণ বৰা তৃণমূল কংগ্ৰেছৰ ছাতিৰ তললৈ গৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি