মন্ত্ৰী হোৱাৰ কথা কল্পনা কৰা নাছিল ৰামেশ্বৰ তেলীয়ে! কি কৰি আছিল ফোন আহোতে?

নিচেই সাধাৰণ পৰিয়ালৰ সন্তান ৰামেশ্বৰ তেলীয়ে ১৯৯৯চনৰ পৰা একনিষ্ঠভাৱে বিজেপি দলৰ সদস্যৰূপে দায়িত্ব পালন কৰি আহিছে।

news18
Updated:May 31, 2019, 3:51 PM IST
মন্ত্ৰী হোৱাৰ কথা কল্পনা কৰা নাছিল ৰামেশ্বৰ তেলীয়ে! কি কৰি আছিল ফোন আহোতে?
নিচেই সাধাৰণ পৰিয়ালৰ সন্তান ৰামেশ্বৰ তেলীয়ে ১৯৯৯চনৰ পৰা একনিষ্ঠভাৱে বিজেপি দলৰ সদস্যৰূপে দায়িত্ব পালন কৰি আহিছে।
news18
Updated: May 31, 2019, 3:51 PM IST
দুবাৰকৈ ডিব্ৰুগড়ৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা ৰামেশ্বৰ তেলীয়ে স্থান লাভ কৰিলে মোদী মন্ত্ৰীসভাত। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে শপত ল’লে টীম মোদীৰ আন ৫৭গৰাকী সদস্যই। হিন্দীতে পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰিলে ৰামেশ্বৰ তেলীয়ে। মোদী মন্ত্ৰীসভাত স্থান লাভ কৰি সংবাদমাধ্যমৰ আগত তেলীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক ধন্যবাদ জ্ঞাপন কৰে। এই দিনটো এক স্মৰণীয় দিন বুলিও উল্লেখ কৰে তেলীয়ে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কক দিয়া এক সাক্ষাৎকাৰত ৰামেশ্বৰ তেলীয়ে প্ৰকাশ কৰিছে মন্ত্ৰিত্বৰ খ‍বৰ পোৱাৰ মুহূৰ্তৰ কথা। তেওঁলৈ ফোন আহোতে তেওঁ দাঢ়ি কটা কামত ব্যস্ত হৈ আছিল। তেওঁ হেনো মন্ত্ৰী হ’ব বুলি ভবাই নাছিল। দলে যি দায়িত্ব দিছিল, সেয়াই তেওঁসদায় কৰি গৈছিল। বৃহস্পতিবাৰৰ দুপৰীয়া ১২.৪৫ বজালৈকে এই খবৰ পোৱা নাছিল। সেই সময়ত তেওঁ দিল্লীত আছিল। শপতগ্ৰহণ অনুষ্ঠানৰ বাবে যাবলৈ নিজকে সাজু কৰিছিল নিজক। তেনেসময়তে বিজেপিৰ এজন নেতাই তেওঁলৈ ফোন কৰিছিল। সাধাৰণতে কেন্দ্ৰীয় এই নেতাগৰাকীয়ে তেওঁলৈ প্ৰায় ফোন কৰে। দলৰ সাংগঠনিক কথা-বতৰা তেওঁৰ সৈতে আলোচনা হয়। দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গৰাকীয়ে কৰা ফোনটো তেওঁ হাতত তুলি ল’লে। তেতিয়াও তেওঁৰ দাঢ়ি কটা সম্পূৰ্ণ হোৱাই নাছিল।

কেন্দ্ৰীয় নেতাগৰাকীয়ে তেওঁক এই সুখবৰ দিছিল- ‘তই মন্ত্ৰী হৈ গলি’।

সেই ফোনটোতেই অমিত শ্বাহেও তেওঁৰ সৈতে কথা পাতিছিল। ভালদৰে প্ৰস্তুত হৈ আবেলি প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা চাহমেললৈ মাতিছিল। সন্ধিয়া ৰাষ্ট্ৰপতি ভৱনত ডিঙিত গামোচা লৈ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীৰূপে শপত লৈছিল ৰামেশ্বৰ তেলীয়ে।


ডিঙিত গামোচা লৈ শপতগ্ৰহণৰ সময়ত ৰামেশ্বৰ তেলী

ৰামেশ্বৰ তেলীৰ বিষয়ে জানেনে এইকেইটা কথাঃ  https://assam.news18.com/news/assam/new-minister-of-rameswar-teli-profile-12921.html
আৰু চাওক পৰৱৰ্তী বাতৰি