এতিয়া CAB নাই, বাতিল হৈছে : ৰমেন্দ্ৰ নাৰায়ণ কলিতা

অমিত শ্বাহৰ ঘোষণাৰ এদিন পিছতে ওলোটা ভাষ্য অগপৰ। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক’লে – এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক নাই। এই বিধেয়কখন বাতিল হৈছে৷

news18assam
Updated:April 23, 2019, 12:10 PM IST
এতিয়া CAB নাই, বাতিল হৈছে : ৰমেন্দ্ৰ নাৰায়ণ কলিতা
অমিত শ্বাহৰ ঘোষণাৰ এদিন পিছতে ওলোটা ভাষ্য অগপৰ। ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক’লে – এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক নাই। এই বিধেয়কখন বাতিল হৈছে৷
news18assam
Updated: April 23, 2019, 12:10 PM IST
এতিয়া নাগৰিকত্ব সংশোধনী বিধেয়ক নাই। এই বিধেয়কখন বাতিল হৈছে৷ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ হুলস্থূল কৰাৰ দৰকাৰ নাই৷ ৰাম মাধৱ আৰু কিৰেন ৰিজিজুৱে কৈ দিছে৷ আমি আগতে দুখন আসন পাম বুলি ভাৱিছিলো৷ এতিয়া দেখিছো তিনিখনেই পাম৷ দিল্লীত অগপৰ তিনিজন সাংসদ থাকিবই৷ এই মন্তব্য অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ।

উল্লেখযোগ্য যে সোমবাৰে পশ্চিম বংগৰ এক নিৰ্বাচনী সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে ঘোষণা কৰিছিল যে প্ৰথমে নাগৰিকত্ব সংশোধনী বিধেয়ক, তাৰ পিছতে হ'ব NRC উন্নীতকৰণ। বিশাল জনসভাক সম্বোধন কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথাও পুনৰবাৰ দোহাৰিছিল বিজেপিৰ সভাপতিগৰাকীয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ লগতে অসমৰ আৰ্হিত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কথাও উল্লেখ কৰিছিল অমিত শ্বাহে। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰি প্ৰথমে চুবুৰীয়া ৰাষ্ট্ৰৰ সংখ্যালঘু শৰণাৰ্থীসকলক আশ্ৰয় দিব বিজেপিয়ে। হিন্দু, বৌদ্ধ, শিখ আদি ধৰ্মৰ সকলো শৰণাৰ্থীৰ আশ্ৰয় সুনিশ্চিত কৰাৰ পিছতে সমগ্ৰ দেশত প্ৰযোজ্য হোৱাকৈ NRC উন্নীত কৰি সকলো অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰা হ’ব বুলি কৈছিল অমিত শ্বাহে।

নাগৰিকত্ব সংশোধনী বিধেয়ক আহিবই। প্ৰথমে CAB, তাৰ পিছতহে NRC। অমিত শ্বাহৰ মন্তব্য হয়তু মিত্ৰদল অগপৰ কাণত পৰা নাই অথবা তেওঁলোকে বালিত মূৰ গোজা উটপক্ষীৰ দৰে আচৰণ কৰিছে। অমিত শ্বাহৰ সদম্ভ ঘোষণাৰ পিছত অগপৰ প্ৰতিনিধিগৰাকীয়ে কি কাৰণে CABক লৈ বিভ্ৰান্তিকৰ ভাষ্য দিছে তাৰ বিশ্লেষণ ৰাইজে কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি