শুকুৰবাৰে জনতা ভৱনত State Innovation and Transformation Aayog(SITA) ৰ উপাধ্যক্ষ হিচাপে আনুষ্ঠানিকভাবে দায়িত্বভাৰ গ্ৰহণ তথা কার্যলয়ত প্ৰৱেশ কৰিলে বিজেপি নেতা ৰমেন ডেকাই ৷ ২০১৯ৰ লোকসভা নিৰ্বাচনত টিকট বঞ্চিত হোৱা বিজেপিৰ প্ৰাক্তন সভাপতি,মঙলদৈৰ প্ৰাক্তন সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰমেন ডেকাক শেহতীয়াকৈ কেবিনেট মৰ্যাদা দি STATE INNOVATION AND TRANSFORMATION AYOGৰ উপাধ্যক্ষ নিযুক্তি দিছিল ৰাজ্য চৰকাৰে ৷
শুকুৰবাৰে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ৰমেন ডেকাই আগবঢ়ালে এই মন্তব্য, "আজিৰ এই শুভক্ষণত মোক পৰামৰ্শ তথা শুভেচ্ছা দিয়াৰ বাবে উপস্থিত থকা অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহাই, অসম চৰকাৰৰ মন্ত্ৰী ৰণজিৎ দাস,পৰিমল শুক্লবৈদ্য,যোগেন মহন, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ লগতে মাননীয় বিধায়ক সকল, দলৰ সন্মানীয় কাৰ্যকৰ্তা আৰু শুভাকাংক্ষী প্ৰতিজনলৈ মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলো ।"
ৰমেন ডেকাক এই বিশেষ দিনটোত অভিনন্দন জনাই বিজেপিৰ প্ৰাক্তন সভাপতি ৰণজিৎ দাসে ক'লে এইদৰে,"নবীনক মৰম আৰু প্ৰবীণক সন্মান, এই নীতি দল আৰু চৰকাৰত সদায় বিৰাজমান হৈ থাকক তাৰেই কামনা কৰিছো ৷'
ৰণজিৎ দাসৰ লগতে ৰমেন ডেকাৰ এই বিশেষ দিনটোত মন্তব্য আগবঢ়াইছে বৰ্তমানৰ বিজেপিৰ সভাপতি ভৱেশ কলিতাইও ৷ "ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি, প্ৰাক্তন সাংসদ তথা দলৰ জ্যেষ্ঠ নেতা মাননীয় শ্ৰীযুত ৰমেন ডেকাই আজি ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰণ আয়োগ(state Innovation & Transformation aayog)ৰ সহ-উপাধ্যক্ষ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা শুভক্ষণত উপস্থিত থাকি তেখেতক শুভেচ্ছা আৰু অভিনন্দন জনাও। অনাগত দিনত ৰাইজৰ লগতে চৰকাৰ খনৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্য পালনত তেখেত সফল হ'ব বুলি আশা কৰিলো।"— মন্তব্য ভৱেশ কলিতাৰ
Published by: Himangshu Bhuyan
FIRST PUBLISHED : September 03, 2021, 22:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।