• Home
  • »
  • News
  • »
  • assam
  • »
  • গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আনন্দৰ বন্যা, মাংগলিক ধ্বনি-বন্তিৰ পোহৰেৰে মুখৰ বটদ্ৰৱা

গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আনন্দৰ বন্যা, মাংগলিক ধ্বনি-বন্তিৰ পোহৰেৰে মুখৰ বটদ্ৰৱা

উপস্থিত থাকে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা। বিধায়িকাগৰাকীয়ে বন্তি জ্বলাই, মিঠাই খুৱাই আনন্দ প্ৰকাশ কৰে।

  • Share this:
গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আনন্দৰ বন্যা। অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন আৰু শিলান্যাসৰ পিছত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা বন্তিৰ পোহৰত আলোকিত হৈ পৰিল। বটদ্ৰৱা থানৰ জাপি বাটচ’ৰাৰ সন্মুখত বটদ্ৰৱা অঞ্চলৰ যুৱকবৃন্দৰ সৌজন্যত শতাধিক বন্তি প্ৰজ্বলন কৰা হয়। উপস্থিত থাকে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা। বিধায়িকাগৰাকীয়ে বন্তি জ্বলাই, মিঠাই খুৱাই আনন্দ প্ৰকাশ কৰে। ইফালে বটদ্ৰৱা থানত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ নৱনিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, উপ–সভাপতি পুলক গোহাঁই, জনজাতি মৰ্চাৰ সভাপতি হৰেন দেউৰী উপস্থিত হৈ গুৰুজনাৰ আশিস লোৱাৰ লগতে এগছিকৈ বন্তি প্ৰজ্বলন কৰে।
Published by:Sanjay Kumar Das
First published: