আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত বেতবাৰীৰ অধিকাংশ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ ফলাফল সন্তোষজনক। বিশেষকৈ বেতবাৰীৰ মেধাৱী ছাত্ৰ ৰক্তোৎপল বৰাই প্ৰথম দহটা স্থানৰ ভিতৰত দশম স্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।
বেতবাৰীৰ পৱিত্ৰ বৰা আৰু প্ৰীতিৰেখা বৰাৰ সন্তান ৰক্তোৎপল বৰাই মুঠ ৫৮৮ নম্বৰ লাভ কৰে। পাঠ্যপুথিৰ উপৰি এ পি জে আব্দুল কালামৰ ৰচিত গ্ৰন্থ পঢ়ি জ্ঞান অৰ্জন কৰা ৰক্তোৎপলে অসমীয়া বিষয়ত ৯৬ নম্বৰ, ইংৰাজীত ৯৮ নম্বৰ , সাধাৰণ গণিতত ১০০ নম্বৰ, সাধাৰণ বিজ্ঞানত ৯৬ নম্বৰ, সমাজ বিজ্ঞানত ৯৮ নম্বৰ আৰু ঐচ্ছিক গণিতত লাভ কৰে ১০০ নম্বৰ।
ভৱিষ্যতে অভিযন্তা হোৱাৰ লক্ষ্য স্থিৰ কৰা ৰক্তোৎপলে স্থান লাভ কৰাত সমগ্ৰ বেতবাৰীতে আনন্দৰ জোৱাৰ উঠিছে। তদুপৰি ছাত্ৰ সন্থা, ঐক্য সেনা , অসম জাতীয় পৰিষদকে ধৰি বিভিন্ন দল-সংগঠনে মেধাৱী ছাত্ৰগৰাকীৰ বাসগৃহত উপস্থিত হৈ অভিনন্দন জ্ঞাপন কৰে।
ইপিনে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তীৰ্ণ হাৰ ৮৮.৮৪ শতাংশ। বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩৮গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত ৩৩গৰাকী উত্তীৰ্ণ হয়। ৬ গৰাকী প্ৰথম বিভাগত, ১৫ গৰাকীয়ে দ্বিতীয় বিভাগ আৰু ১২ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়।
এইসকলৰ ভিতৰত এজন ছাত্ৰই ডিষ্টিংচন আৰু এজনে ষ্টাৰ নম্বৰ লাভ কৰে। আনহাতে বেতবাৰী শংকৰদেৱ শিশু নিকেতনত উত্তীৰ্ণ হাৰ এশ শতাংশ। শংকৰদেৱ শিশু নিকেতনখনৰ পৰা ১৭ গৰাকী ছাত্ৰ-ছাত্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
ইয়াৰে ১২ গৰাকী প্ৰথম বিভাগত , ৪ গৰাকী দ্বিতীয় আৰু ১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। প্ৰথম বিভাগ লাভ কৰা ১২ গৰাকীৰ ভিতৰত ৩ গৰাকীয়ে ডিষ্টিংচন , ৫ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে।
বেতবাৰী মৌজাৰ বাঁহগড় আদৰ্শ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১৪ গৰাকী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১৩ গৰাকী উত্তীৰ্ণ হয়। ৪ গৰাকীয়ে প্ৰথম, ৫ গৰাকীয়ে দ্বিতীয় আৰু ৪ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। বাঁহগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা এই পৰীক্ষাত ৭ গৰাকী অৱতীৰ্ণ হৈছিল। ইয়াৰে ৩ গৰাকী দ্বিতীয় আৰু ৩ গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|