মুখ্যপৃষ্ঠা »খবৰ »অসম »Ripun Bora: ''ৰিপুণ বৰাক এচামে বহুত জ্বলালে, ৰিপুণ বৰাৰ পত্ৰৰ প্ৰতি মোৰ ৮০ শতাংশ সমৰ্থন আছে''- ৰিপুণ বৰাৰ দলত্যাগক লৈ ৰকিবুল হুছেইন

Ripun Bora: ''ৰিপুণ বৰাক এচামে বহুত জ্বলালে, ৰিপুণ বৰাৰ পত্ৰৰ প্ৰতি মোৰ ৮০ শতাংশ সমৰ্থন আছে''- ৰিপুণ বৰাৰ দলত্যাগক লৈ ৰকিবুল হুছেইন

ৰিপুণ বৰা এজন নিষ্ঠাৱান কংগ্ৰেছী আছিল

ৰিপুণ বৰা এজন নিষ্ঠাৱান কংগ্ৰেছী আছিল

ৰিপুণ বৰা এজন নিষ্ঠাৱান কংগ্ৰেছী আছিল

  • Share this:
"ৰিপুণ বৰাৰ পত্ৰৰ প্ৰতি মোৰ ৮০ শতাংশ সমৰ্থন আছে। ৰিপুণ বৰাই কংগ্ৰেছৰ বাবে বহু ত্যাগ কৰিছিল। কিন্তু মূৰপোলোকা মাৰি পলায়ন কৰাটো ভুল। ৰিপুণ বৰাক এচামে বহুত জ্বলালে। তেওঁ সেয়া সহ্য কৰিব নোৱাৰি পলায়ন কৰিলে। কিন্তু পলায়ন কৰাটো ভুল। যুঁজিব লাগিছিল।মই দলৰ নিষ্ঠাৱান যুঁজাৰু হোৱাৰ বাবে বহু কথা ৰাজহুৱা কৰিব বিচৰা নাই। দলৰ শৃংখলা মই মানি চলোঁ।'' -ৰিপুণ বৰাৰ  (Ripun Bora) সমৰ্থনত থিয় হৈ প্ৰাক্তন মন্ত্ৰী তথা বিৰোধী দলৰ উপ- দলপতি ৰকিবুল হুছেইনে আজি নগাঁৱৰ বাসগৃহত এনেদৰে মন্তব্য কৰে।

ৰকিবুল হুছেইনে লগতে কংগ্ৰেছৰ একাংশ নেতাক কটাক্ষ কৰি কয়, "ৰিপুণ বৰাৰ দলত্যাগে কংগ্ৰেছক যথেষ্ট ক্ষতিগ্ৰস্ত কৰিব। যিসকলে কৈছে ৰিপুণ বৰাৰ দলত্যাগে কোনো ক্ষতি নকৰে সেইসকলে একো নাজানে।"

আনহাতে ৰকিবুল হুছেইনে (Rakibul Hussain) লগতে কয়, "ৰিপুণ বৰাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব অৰ্থাৎ ৰাষ্ট্ৰীয় নেতৃত্বৰ প্ৰতি অভিযোগ অনা নাই। কিন্তু এচামে ৰিপুণ বৰাক বহু জ্বলাইছিল। বৰ্তমান ৰমজান মাহ চলি আছে। সেয়ে ৰোজা ৰাখি অলপ দুৰ্বল হৈ আছোঁ। কিন্তু আপোনালোকক পিছতো লগ পায় থাকিম। সময়ত সকলো ক'ম।"

উল্লেখযোগ্য যে নগাঁৱৰ নিজা বাসভৱনত প্ৰদেশ কংগ্ৰেছৰ (APCC) জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে কৰা মন্তব্যই নেতৃত্বৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ ভিতৰত উমি উমি জ্বলি থকা জুইকুৰাৰে যেন বহিঃপ্ৰকাশ ঘটালে।

শেহতীয়া বাতৰি