নগাঁও ৰাজীৱ ভৱনত ৰকিবুল হুছেইনৰ সংবাদমেলত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা প্ৰসংগত গুৰুত্বপূৰ্ণ মন্তব্য। সংবাদমেলত হুছেইনে স্পষ্ট কৰে যে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে AIUDFৰ কোনো মিত্ৰতা হোৱা নাই।
এই কথা জয়ৰাম ৰমেশে পত্ৰযোগে স্পষ্ট কৰা বুলি হুছেইনে মত ব্যক্ত কৰে। চামগুৰিৰ বিধায়কগৰাকীয়ে কয় যে ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছক পুনৰ শক্তিশালী কৰিছে। এতিয়া কংগ্ৰেছৰ এনে জনপ্ৰিয়তা দেখি পুনৰ মিত্ৰতা বিচাৰিছে আজমলে। কিন্তু আজমলে পূৰ্বে ধৰ্মনিৰপেক্ষতাৰ দোহাই দি কংগ্ৰেছৰে মিত্ৰতাত চামিল হৈছিল যদিও এতিয়া পুনৰ আজমলে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাইছে।
নিৰ্বাচনৰ পিছতে AIUDF বিজেপিৰ ভৃত্যত পৰিণত হ'ল বুলি উল্লেখ কৰি হুছেইনে কয়- এই দলটোৰ সৈতে কোনোকালেই কংগ্ৰেছৰ মিত্ৰতা নহয়। তেওঁ লগতে ২০২৪ত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি দাবী কৰে।
উল্লেখ্য, লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি বদৰুদ্দিন আজমলে চৰাঞ্চলত ঘূৰি-ফুৰি ভিন্ন আলোচনাত সভাত কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক লৈ কৈছিল যে মিত্ৰতা প্ৰসংগত অসমৰ ভূপেন বৰাই বিশেষ নাজানে। আজমলৰ মত- ''মিত্ৰতা প্ৰসংগত জিতেন্দ্ৰ সিং আৰু ভূপেন বৰাই নাজানে, কিয়নো দিল্লীত মই সোমাব পৰা সভাত তেওঁলোক সোমোৱাৰ অনুমতি নাই।''
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।