আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল’লে ৰকিবুল হুছেইনে, ক’লে – এতিয়া আমাৰ মাজত একো অমিল নাই

News18 Assam | News18-Assam
Updated:April 12, 2021, 2:57 PM IST
আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল’লে ৰকিবুল হুছেইনে, ক’লে – এতিয়া আমাৰ মাজত একো অমিল নাই
এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ২০১৮ চনত তৰা মানহানি গোচৰ প্ৰত্যাহাৰ কৰে ৰকিবুলে।

এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ২০১৮ চনত তৰা মানহানি গোচৰ প্ৰত্যাহাৰ কৰে ৰকিবুলে।

  • Share this:
"আজমলৰ লগত আগতে অলপ মনৰ কোচা-কুচি আছিল, কিন্তু এতিয়া আমাৰ মনত একো অমিল নাই। সেয়ে আজমল ডাঙৰীয়াৰ বিৰুদ্ধে নগাঁও আদালতত থকা গোচৰ প্ৰত্যাহাৰ কৰিছো।"- এই মন্তব্য প্ৰাক্তন মন্ত্ৰী তথা চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ।

এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে ২০১৮ চনত তৰা মানহানি গোচৰ প্ৰত্যাহাৰ কৰি ৰকিবুলে কয়, "এইবাৰ কংগ্ৰেছ-এআইইউডিএফৰ নেতৃত্বত মহাজোঁটে অসমত চৰকাৰ গঠন কৰাটো নিশ্চিত। আমি চৰকাৰ গঠন কৰিয়ে অসমৰ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিম।"

আনহাতে, হৰ্ছ ট্ৰেডিঙৰ বাবে ৰাজস্থানলৈ অসমৰ মহাজোঁটৰ বিধায়কক পঠাইছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰকিবুলে কয়, " বিজেপিৰহে বিধায়ক কংগ্ৰেছলৈ আহিবলৈ সাঁজু হৈ আছে। তেওঁলোক ৰাজস্থানলৈ ফুৰিবলৈ হে গৈছে।" ইপিনে কাৰো নাম নোলোৱাকৈ বিজেপিৰ দুগৰাকী নেতাক সমালোচনা কৰি কয়, "বিজেপিৰ মাজত এতিয়া মুখ্যমন্ত্ৰীৰ আসনক লৈ তীব্ৰ যুঁজ চলিছে ১ নম্বৰ মুখ্যমন্ত্ৰী আৰু ২ নম্বৰ মুখ্যমন্ত্ৰীৰ মাজত। দুয়োজনে দুয়োজনক চিপৰাং মাৰিবলৈ সাঁজু হৈ আছে। সেয়ে অসমত কোনোপধ্যে বিজেপিৰ চৰকাৰ আৰু নাহে।"

উল্লেখযোগ্য যে,  বিগত বছৰলৈকে আজমল আৰু ৰকিবুলৰ মাজত থকা সংঘাতে সংবাদ মাধ্যমৰ দৃষ্টি আকৰ্ষণ কৰিছিল যদিও এইবেলি নিৰ্বাচনত হোৱা মিত্ৰতাৰ পিছতে দুয়োৰে মাজতে ঘনিষ্ঠতা বৃদ্ধি পোৱাও দেখা গৈছে।
Published by: Sanjay Kumar Das
First published: April 12, 2021, 2:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি