PPE কিট পিন্ধি আহাৰ গ্ৰহণ ৰকিবুল হুছেইনৰ, ছচিয়েল মিডিয়াত ভাইৰেল ফটো

News18 Assam | News18-Assam
Updated:May 22, 2020, 10:11 AM IST
PPE কিট পিন্ধি আহাৰ গ্ৰহণ ৰকিবুল হুছেইনৰ, ছচিয়েল মিডিয়াত ভাইৰেল ফটো
নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিধায়ক গৰাকীক বিগত লকডাউনৰ সময়ছোৱাত সঘনাই সমষ্টিবাসীৰ খবৰ ল'বলৈ যোৱা পৰিলক্ষিত হৈছে। কিন্তু শেহতীয়াভাৱে PPE কিট পিন্ধি আহাৰ গ্ৰহণ কৰা এখন ফটোৱে সৃষ্টি কৰিছে বিতৰ্কৰ।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিধায়ক গৰাকীক বিগত লকডাউনৰ সময়ছোৱাত সঘনাই সমষ্টিবাসীৰ খবৰ ল'বলৈ যোৱা পৰিলক্ষিত হৈছে। কিন্তু শেহতীয়াভাৱে PPE কিট পিন্ধি আহাৰ গ্ৰহণ কৰা এখন ফটোৱে সৃষ্টি কৰিছে বিতৰ্কৰ।

  • Share this:
PPE কিট মানে Personal Protective Equipmentৰ কথা আজিকালি সকলোৰে মুখে মুখে। কোৰোণা ভাইৰাছৰ প্ৰতিৰোধৰ বাবে PPE কিট চিকিৎসক, স্বাস্থ্যকৰ্মী, আৰক্ষী, সাংবাদিক তথা জৰুৰীকালীন সেৱাত নিয়োজিতসকলে পৰিধান কৰা দেখা যায়। বহু মন্ত্ৰী-বিধায়কেও কোৰোণাত আক্ৰান্ত ৰোগীৰ খবৰ ল'বলৈ যাঁওতে PPE কিট পৰিধান কৰা পৰিলক্ষিত হৈছে।

PPE কিট পৰিধান কৰাৰ কিছুমান বিশেষ নিয়ম আছে। এই কিট ব্যৱহাৰ কৰা পিছত বহু সাৱধানতাৰে নিজৰ দেহৰ পৰা আঁতৰাব লাগে। কিন্তু অসমৰ এগৰাকী প্ৰাক্তন মন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনৰ এখন আলোকচিত্ৰ ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ বিধায়ক গৰাকীক বিগত লকডাউনৰ সময়ছোৱাত সঘনাই সমষ্টিবাসীৰ খবৰ ল'বলৈ যোৱা পৰিলক্ষিত হৈছে। বিধায়কজনে PPE কিট পিন্ধি সমষ্টিৰ বহু ঠাইত প্ৰৱল বৰষুণৰ মাজতো ছেনিটাইজ কৰাও দেখা গৈছিল। কিন্তু শেহতীয়াভাৱে PPE কিট পিন্ধি আহাৰ গ্ৰহণ কৰা এখন ফটোৱে সৃষ্টি কৰিছে বিতৰ্কৰ।

সাধাৰণতে PPE কিট পিন্ধি আহাৰ গ্ৰহণ কৰাটো সমীচিন নহয়। কোনেও PPE কিট পিন্ধি আহাৰ গ্ৰহণ কৰাৰ উদাহৰণ নাই। কাৰণ খাদ্য গ্ৰহণ কৰোতে এই পোছাকৰ পৰা ভাইৰাছ সংক্ৰমিত হোৱাৰ আশংকা থাকে। কিন্তু চামগুৰি সমষ্টিৰ বিধায়কগৰাকীয়ে  PPE কিট পিন্ধি কোনো এক বিশেষ স্থানত আহাৰ গ্ৰহণ কৰা ফটো কোনো ব্যক্তিয়ে মোবাইলত আৱদ্ধ কৰি ভাইৰেল কৰাৰ পিছতে সৃষ্টি হৈছে বিতৰ্কৰ। ছচিয়েল মিডিয়াত বহুতে এনে কৰা অনুচিত বুলি মন্তব্যও কৰা দেখা গৈছে। অৱশ্যে বিধায়কগৰাকীয়ে আহাৰ গ্ৰহণ কৰাৰ পূৰ্বে কোৰোণা ৰোগীক সাক্ষাৎ কৰিছিলনে নাই সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading