உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Sashikanta Das : ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজৰ দাবী, ৰহাৰ পৰাই আৰম্ভ হ'ব হেনো BJPৰ উল্টা গণনা

    Sashikanta Das : ৰহাৰ বিধায়ক শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজৰ দাবী, ৰহাৰ পৰাই আৰম্ভ হ'ব হেনো BJPৰ উল্টা গণনা

    শশীকান্ত দাস, বিধায়ক, ৰহা

    শশীকান্ত দাস, বিধায়ক, ৰহা

    Congress Team at Raha : ৰহা সমষ্টিত উপ নিৰ্বাচন পাতিবৰ বাবে হিমন্তবিশ্ব শৰ্মাৰ সাহস নাই ৷ ৰহাৰ পৰাই বিজেপিৰ উল্টা গণনা আৰম্ভ হ'ব -ৰকিবুল হুছেইন

    • Share this:
    সোমবাৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে (Sashikanta Das) মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ৰ চৰণ চুই সেৱা জনোৱাৰ লগতে বিজেপি (BJP)ৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই গামোচা পিন্ধোৱাৰ পৰিপ্ৰেক্ষিতত সমষ্টিৰ বিধায়কগৰাকীৰ এনে কাৰ্যৰ বুজ ল'বৰ বাবে প্ৰদেশ কংগ্ৰেছৰ পৰা গঠন কৰি দিয়া কমিটিৰ বিষয়ববীয়া সকলে মঙলবাৰে বিয়লি ৰহাত আহি উপস্থিত হয়৷  ৰহাত ৰহা কংগ্ৰেছৰ বিভিন্ন বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা বৈঠকখনত উপস্থিত থাকি বিধায়ক ৰকিবুল হুছেইনে (Rakibul Hussain) কয় যে ৰহাৰ পৰা বিজেপিৰ উল্টা গণনা আৰম্ভ হ'ব।

    ৰহা (Raha) সমষ্টিত হিমন্ত বিশ্বৰ উপনিৰ্বাচন পতাৰ সাহস নাই বুলি তাচ্ছিল্য কৰাৰ উপৰিও ৰহাৰ পৰাই বিজেপি পৰাজয়ৰ ধাৰা আৰম্ভ হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছৰ উপ দলপতিগৰাকীয়ে ৷

    ৰকিবুল হুছেইনে আকৌ কয়, "বিধান সভা নিৰ্বাচনৰ সময়ত  ৰাজ্যখনত বিজেপিৰ ঢৌ চলি থকা সময়তো ৰহাৰ ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থী শশীকান্ত দাসক বিজয়ী কৰি বিধানসভালৈ পঠিয়াইছিল ৷ ৰহা সমষ্টিৰ স্বাভিমান, মান-সন্মানৰ কথা আগত ৰাখিয়ে সেই সময়ত বিজেপিৰ লোকসকলেও  কংগ্ৰেছত ভোট দিছিল ৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰহা সমষ্টিৰ স্বাভিমানত আঘাট হানিছ বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।

    ৰহা সমষ্টিৰ ব্লক কংগ্ৰেছৰ সভাপতি গৰাকীৰ সভাপতিত্বত অনুস্থিত হোৱা বৈঠক খনত  বিধায়ক ৰকিবুল হুছেইনৰ  অধ্যক্ষতাত আৰু  প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থক সদস্য হিচাপে লৈ এখন কমিটি গঠন কৰা হয়। মঙলবাৰৰ বৈঠকখনত  বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ লগতে বিধায়ক নুৰুল হুদা, শিবামণি বৰা, লাহৰীঘাটৰ বিধায়ক আশিস নজৰ ,বিধায়িকা নন্দিতা দাস, কংগ্ৰেছ নেতা বিপুল গগৈ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক স্বপন মণ্ডল উপস্থিত থাকে ৷

    সভাত ৰহা সমষ্টিৰ এন এছ ইউ আই (NSUI), মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ (Youth Congress)ৰ বিষয়ববীয়াসকলে সোমবাৰে ৰহা সমষ্টিৰ বিধায়কগৰাকীয়ে দলৰ বিৰুদ্ধে কৰা কাৰ্যক তীব্ৰ নিন্দা কৰে ৷ সভাত বিধায়ক শশীকান্ত দাসক দলৰ পৰা বৰ্খাস্ত কৰাৰ লগতে শীঘ্ৰে বিধায়ক পদ খাৰিজ কৰিবৰ বাবে দাবী জনায় ৷

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: