• Home
  • »
  • News
  • »
  • assam
  • »
  • হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছলৈ আহি মুখ্যমন্ত্ৰী হ’ব বিচাৰিলে সমৰ্থন কৰিব ৰকিবুল হুছেইনে

হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছলৈ আহি মুখ্যমন্ত্ৰী হ’ব বিচাৰিলে সমৰ্থন কৰিব ৰকিবুল হুছেইনে

ৰকিবুল হুছেইনে কয় যে ৰাজ্যত এতিয়া এক নম্বৰ মুখ্যমন্ত্ৰী আৰু দুই নম্বৰ মুখ্যমন্ত্ৰীক লৈ সংঘাত চলি আছে।

ৰকিবুল হুছেইনে কয় যে ৰাজ্যত এতিয়া এক নম্বৰ মুখ্যমন্ত্ৰী আৰু দুই নম্বৰ মুখ্যমন্ত্ৰীক লৈ সংঘাত চলি আছে।

ৰকিবুল হুছেইনে কয় যে ৰাজ্যত এতিয়া এক নম্বৰ মুখ্যমন্ত্ৰী আৰু দুই নম্বৰ মুখ্যমন্ত্ৰীক লৈ সংঘাত চলি আছে।

  • Share this:
প্ৰভাৱশালী মন্ত্ৰী তথা একালৰ সতীৰ্থ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ দললৈ আহি মুখ্যমন্ত্ৰী হ'ব বিচাৰিলে মই ব্যক্তিগতভাৱে সমৰ্থন কৰিম। অৱশ্যে এয়া মোৰ নিজস্ব মত, দলীয় নহয়। আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰ আদানী গ্ৰুপক গতাই দিয়াৰ প্ৰতিবাদত বৰঝাৰ বিমানবন্দৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এনেদৰে সাংবাদিকৰ আগত মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী তথা বিধায়িনী দলৰ উপ–সভাপতি ৰকিবুল হুছেইনে।

ৰকিবুল হুছেইনে কয় যে ৰাজ্যত এতিয়া এক নম্বৰ মুখ্যমন্ত্ৰী আৰু দুই নম্বৰ মুখ্যমন্ত্ৰীক লৈ সংঘাত চলি আছে। বিজেপি চৰকাৰে তৈলক্ষেত্ৰ, কাগজ কলকে ধৰি ৰাজহুৱা সম্পদবোৰ এফালৰ পৰা বিক্ৰী কৰি আহিছে। বিধানসভা নিৰ্বাচনত বিজেপিক প্ৰতিৰোধ কৰাৰ বাবে মহাজোঁট বন্ধন গঠন কৰাক লৈAIUDFকে ধৰি বিজেপিবিৰোধী বিভিন্ন জাতীয়-জনগোষ্ঠীয় দল-সংগঠন মাজত আলোচনা চলি আছে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।

২০২১ৰ নিৰ্বাচনত বিজেপিক উৎখাত কৰাৰ বাবে সাজু হৈছে কংগ্ৰেছ। আগন্তুক মুখ্যমন্ত্ৰী হিচাপে ৰকিবুল হুছেইনৰ নাম প্ৰচাৰ হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে মোৰ মুখ্যমন্ত্ৰী হোৱাৰ কোনো লালসা নাই। আনকি গৃহমন্ত্ৰী হোৱাৰো ইচ্ছা নাই। যদি কংগ্ৰেছ চৰকাৰ গঠন কৰে আৰু প্ৰয়োজন হ’লে মন্ত্ৰিত্ব গ্ৰহণ নকৰে ৰকিবুল হুছেইনে।
Published by:Sanjay Kumar Das
First published: