"বহুতে এই বিশ্বাসৰ মুল্য নাৰাখিলে, কিন্তু আমি সদায় এই বিশ্বাসক জীয়াই ৰাখিয়ে ৰাজনীতি কৰি গৈছো আৰু কৰি যাম।" "বহুতে এই বিশ্বাসৰ মুল্য নাৰাখিলে, কিন্তু আমি সদায় এই বিশ্বাসক জীয়াই ৰাখিয়ে ৰাজনীতি কৰি গৈছো আৰু কৰি যাম।" "আজিৰ যুগত বিশ্বাস, বিশ্বাসযোগ্যতা এইবোৰ শব্দৰ কোনো মূল্য নাই, কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সৈতে মোৰ সম্পৰ্ক আছিল বিশ্বাসৰ ভিত্তিত আৰু শেষ মুহূৰ্তলৈকে মোৰ প্ৰতি থকা তেওঁৰ সম্পৰ্কত অক্ষুণ্ণ আছিল গভীৰ বিশ্বাস।" – নগাঁৱত আজি এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।
আনহাতে নাম নোলোৱাকৈ কংগ্ৰেছ ত্যাগ কৰা এগৰাকী সতীৰ্থক কটাক্ষ কৰি ৰকিবুলে কয়, "বহুতে এই বিশ্বাসৰ মুল্য নাৰাখিলে, কিন্তু আমি সদায় এই বিশ্বাসক জীয়াই ৰাখিয়ে ৰাজনীতি কৰি গৈছো আৰু কৰি যাম।"
উল্লেখযোগ্য যে আজি গুৱাহাটীৰ পৰা তিতাবৰলৈ নিয়াৰ পথত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিতাভস্ম অনা হৈছিল নগাঁও ৰাজীৱ ভৱনলৈ। প্ৰাক্তন মুখ্যনন্ত্ৰী গৰাকীৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰ উদ্দেশ্যৰে নগাঁও জিলা কংগ্ৰেছে আয়োজন কৰিছিল সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ। এই সভাতে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে।
স্মৰ্তব্য যে, প্ৰয়াত তৰুণ গগৈৰ মন্ত্ৰীসভাত ১৫বছৰৰ বাবে এগৰাকী প্ৰভাৱশালী মন্ত্ৰী আছিল ৰকিবুল হুছেইন। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অতি প্ৰিয়ভাজন হিচাপে পৰিচিত ৰকিবুল হুছেইনে গগৈ মন্ত্ৰীসভাত লাভ কৰিছিল বন, পৰিৱেশ, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ লগতে ৰাজ্যিক গৃহ দপ্তৰৰ দায়িত্ব।
Published by: Sanjay Kumar Das
First published: December 08, 2020, 21:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|