মুখ্যপৃষ্ঠা »খবৰ »অসম »Rakibul Hussain: পদত্যাগ ৰকিবুল হুছেইনৰ! কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম দিনাৰ সভাত উপস্থিত নথকা সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ৰকিবুল হুছেইনৰ?

Rakibul Hussain: পদত্যাগ ৰকিবুল হুছেইনৰ! কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম দিনাৰ সভাত উপস্থিত নথকা সন্দৰ্ভত কি প্ৰতিক্ৰিয়া ৰকিবুল হুছেইনৰ?

ৰকিবুল হুছেইনে সাংবাদিকৰ পৰা খবৰৰ উৎস বিচাৰিলে 

ৰকিবুল হুছেইনে সাংবাদিকৰ পৰা খবৰৰ উৎস বিচাৰিলে 

  • Share this:
ভূপেন বৰা নেতৃত্বাধীন অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ প্ৰথমখন দুদিনীয়া কাৰ্যনিৰ্বাহক সভা দেওবাৰৰ পৰা আৰম্ভ হয়। ৰাজীৱ ভৱনত অনুষ্ঠিত এই কাৰ্যনিৰ্বাহক সভাৰ প্ৰথম দিনাৰ সভাত উপস্থিত নথকা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিৰোধীৰ উপ-দলপতি তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনে (Rakibul Hussain)।

"কাৰ্যনিৰ্বাহ পদৰ পৰা পদত্যাগ কৰিছোঁ বুলি কোনে ক'লে কওক" -এইবুলি প্ৰশ্ন কৰে বিৰোধীৰ উপ দলপতি ৰকিবুল হুছেইনে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰকিবুল হুছেইনে সাংবাদিকৰ পৰা খবৰৰ উৎসও বিচাৰিলে। সমষ্টিৰ কামত ব্যস্ত আছিলোঁ বাবেই দেওবাৰৰ কাৰ্যনিৰ্বাহক সভাত অংশ ল'ব পৰা নাই বুলি কয় ৰকিবুল হুছেইনে।

উল্লেখযোগ্য যে দেওবাৰৰ সন্ধিয়াৰ বিৰোধীৰ উমৈহতীয়া বিধায়িনী বৈঠকত উপস্থিত আছিল ৰকিবুল হুছেইন। অৱশ্যে এই সম্পৰ্কে দেওবাৰে দিনৰ ভাগতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ৰকিবুল হুছেইনৰ কাৰ্যনিৰ্বাহকত অনুপস্থিত সম্পৰ্কত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ভূপেন বৰাই (APCC President Bhupen Bora) কয় যে ৰকিবুল হুছেইনে কাৰ্যনিৰ্বাহকত উপস্থিত থাকিব নোৱাৰিম বুলি সভাৰ পূৰ্বেই তেওঁক ফোন কৰি জনাইছিল।

শেহতীয়া বাতৰি