কংগ্ৰেছ দলৰ সংগঠনিক ভেটি মজবুত কৰাৰ লক্ষ্যে তিনিদিনীয়া কাৰ্যসূচীৰে আজি বৰাক উপত্যকাত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰা। লগতে আহে দলীয় শীৰ্ষ নেতৃবৃন্দৰ এটা প্ৰতিনিধি দল। ভ্ৰমণৰ প্ৰথম দিনা অৰ্থাৎ শুকুৰবাৰে হাইলকান্দি জিলাত উপস্থিত হয় কংগ্ৰেছৰ প্ৰতিনিধি দলটো। প্ৰদেশ কংগ্ৰেছ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে বৰাকত উপস্থিত হৈছে কংগ্ৰেছ সভাপতি ভূপেন বৰা। ভূপেন বৰাৰ নেতৃত্বত বৰাকৰ তিনি জিলাত তিনিদিনীয়া দলীয় কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।
ইপিনে, আজি হাইলাকান্দি জিলাত কংগ্ৰেছ প্ৰতিনিধি দলৰ সদস্য তথা বিধায়ক ৰকিবুল হুছেইন আৰু প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক ছিদ্দেক আহমেদ উপস্থিত হয়। হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিত উপস্থিত হৈ দলীয় কাৰ্যকৰ্তাসকলৰ লগত আলোচনাত মিলিত হয়।
পিছত সংবাদ মাধ্যমৰ আগত ৰকিবুল হুছেইনে কয়, নিমাতীঘাটৰ নাও দুৰ্ঘটনা অতি মৰ্মান্তিক আৰু হৃদয় বিদাৰক। এই দুৰ্ঘটনাৰ বাবে সম্পূৰ্ণ ৰূপে দায়ী ৰাজ্য চৰকাৰ। চৰকাৰে কেইবাবাৰো এই স্থানত দলং নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজিলৈকে এই দলং নিৰ্মাণৰ কাম আৰম্ভ হোৱা নাই। যাৰ বাবে এই ঘটনা সংঘটিত হৈছে। বিধায়ক ৰকিবুল হুছেইনে কয়, এই চৰকাৰ ৰাইজৰ চৰকাৰ নহয়। এই চৰকাৰ হৈছে আদানীৰ চৰকাৰ। যাৰ বাবে চৰকাৰৰ উন্নয়ন কৰাৰ চিন্তাধাৰা নাই।
আনহাতে, সুস্মিতা দেৱে কংগ্ৰেছ দল এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক ৰকিবুল হুছেইনৰ উত্তৰ, সুস্মিতা দেৱ আগতে বৰাকৰ নেত্ৰী আছিল, অসমৰ নেত্ৰী আছিল, কিন্তু এতিয়া তেওঁ আৰু অসম তথা বৰাকৰ নেত্ৰী নহয়। তেওঁ এতিয়া ত্ৰিপুৰাৰ নেত্ৰী। সুস্মিতা দেৱ কংগ্ৰেছ এৰি যোৱাত বৰাক কংগ্ৰেছৰ কোন ক্ষতি নহয় বুলিও মন্তব্য কৰে বিধায়ক ৰকিবুল হুছেইনে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : September 10, 2021, 16:21 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।