পুনৰ অসম কেৰম সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত ৰকিবুল হুছেইন

দেওবাৰে মহানগৰীত অনুষ্ঠিত অসম কেৰম সন্থাৰ সাধাৰণ সভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ৰকিবুল হুছেইন।

News18-Assam
Updated:September 8, 2019, 4:50 PM IST
পুনৰ অসম কেৰম সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত ৰকিবুল হুছেইন
দেওবাৰে মহানগৰীত অনুষ্ঠিত অসম কেৰম সন্থাৰ সাধাৰণ সভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ৰকিবুল হুছেইন।
News18-Assam
Updated: September 8, 2019, 4:50 PM IST
বিপুল বৰ্মন : আগন্তুক সময়ত গুৱাহাটীয়ে পুনৰ ৰাষ্ট্ৰীয় কেৰম চেম্পিয়নশ্বীপ অনুষ্ঠিত কৰিব। দেওবাৰে পুনৰবাৰ অসম কেৰম সন্থাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈ এই কথা উল্লেখ কৰে প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে। দেওবাৰে মহানগৰীত অনুষ্ঠিত অসম কেৰম সন্থাৰ সাধাৰণ সভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ৰকিবুল হুছেইন। উল্লেখযোগ্য যে ভাৰতীয় কেৰম ফেডাৰেচনৰ সভাপতিৰ দায়িত্বতো আছে ৰকিবুল হুছেইন। দেওবাৰৰ সভাত ফেডাৰেচনৰ পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল পঞ্জাবৰ পৰমিন্দৰ সিং।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি