পিতৃ পেছাত নাপিত, পুত্ৰই স্থান লাভ কৰিলে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত, নগাঁৱৰ নাম উজলালে ৰাকেশে

এপিএছচিত স্থান লাভ কৰি নিজকে ভাগ্যৱান বুলিও ব্যক্ত কৰে ৰাকেশে।
এপিএছচিত স্থান লাভ কৰি নিজকে ভাগ্যৱান বুলিও ব্যক্ত কৰে ৰাকেশে।
- News18 Assam
- Last Updated: December 25, 2020, 3:54 PM IST
ৰাকেশৰ পিতৃ ৰমেশ ঠাকুৰ পেছাত নাপিত। হয়বৰগাঁৱৰ সেউজ বিবাহ ভৱনৰ সমীপতে এখন সৰু চেলুন চলাই জীৱন নিৰ্বাহ কৰা ৰমেশ ঠাকুৰ পুত্ৰৰ এই সাফল্যত আৱেগিক হৈ পৰিছে। পুত্ৰৰ এই সাফল্যৰ বাবে ভগৱানক ধন্যবাদ জনালে ৰাকেশৰ মাতৃ শকুন্তলা দেৱীয়ে। পিতৃ-মাতৃৰ মতে সৰুৰে পৰা ৰাকেশক কোনোদিনে শোৱাৰ পৰা জগাব লগা অথবা পঢ়িবলৈ ক'ব লগা হোৱা নাছিল।
আনহাতে, এপিএছচিত স্থান লাভ কৰি নিজকে ভাগ্যৱান বুলিও ব্যক্ত কৰে ৰাকেশে। ইয়াৰ পূৰ্বেও এবাৰ ৰাকেশে লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। অসম প্ৰশাসনিক সেৱাৰ তালিকাত স্থান লাভ কৰা ৰাকেশে অনাগত সময়ত সমাজৰ বাবে কাম কৰিব বিচাৰে। ৰাকেশে লগতে এপিএছচিৰ নিযুক্তি প্ৰক্ৰিয়াত তেওঁৰ দৰে দুখীয়া পৰিয়ালৰ ছাত্ৰই অসম প্ৰশাসনিক সেৱাৰ পৰীক্ষাত নিযুক্তি লাভ কৰাটো চৰকাৰখনৰ স্বচ্ছতাৰ নিদৰ্শন বুলিও মন্তব্য কৰে। ভৱিষ্যতে অসমৰ বাবে নিষ্ঠাৰে কাম কৰি যাব বুলিও ৰাকেশে সংবাদ মাধ্যমক মন্তব্য কৰে।