NRCৰ নামত সকলো দলে খেলা খেলিছে, কোনো এটা দলে নিবিচাৰে এখন শুদ্ধ NRC : ৰঞ্জন গগৈ

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী নকৰাত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে।
অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী নকৰাত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে।
- News18 Assam
- Last Updated: February 12, 2021, 12:10 PM IST
কলকাতাত এটা সংবাদ গোষ্ঠীৰ দ্বাৰা আয়োজিত এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্ৰীয় নাগৰিকে পঞ্জীৰ সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে গগৈয়ে। উল্লেখযোগ্য যে NRCৰ বিষয়টো এতিয়াও সৰ্বোচ্চ ন্যায়ালয়ৰ বিবেচনাধীন হৈ আছে আৰু গগৈ দেশৰ মুখ্য ন্যায়াধীশ হৈ থাকোতে NRCৰ গোচৰৰ শুনানি গ্ৰহণ কৰিছিল।
NRCৰ প্ৰসংগত মন্তব্য কৰি গগৈয়ে কয় – ‘‘এটা ৰাজনৈতিক দলে অবৈধ অনুপ্ৰৱেশকাৰীক ভোটৰ বিনিময়ত সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। আকৌ আন এটা দলে প্ৰব্ৰজনকাৰীসকল খিলঞ্জীয়াৰ কাৰণে ভাবুকি স্বৰূপ বুলি কৈ বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। আৰু যোৱা ৫০ বছৰেই অসমত এই খেলাই চলি আছে।’’
উল্লেখযোগ্য যে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী নকৰাত কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰে দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশগৰাকীয়ে।