
নতুন দায়িত্বৰ বাবে মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপি সভাপতি, ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলীয় কৰ্মীক ধন্যবাদ জনাইছো: পবিত্ৰ মাৰ্ঘেৰিটা
নতুন দায়িত্বৰ বাবে মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপি সভাপতি, ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলীয় কৰ্মীক ধন্যবাদ জনাইছো: পবিত্ৰ মাৰ্ঘেৰিটা
ৰাজ্য সভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পদ লাভ কৰিছে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰি আনন্দিত অনুভৱ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই।
এক আছুতীয়া সাক্ষাৎকাৰত সাংসদ তথা নৱ নিযুক্ত মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবগৰাকীয়ে পূৰ্বতকৈ দায়িত্ব আৰু বাঢ়িল বুলি নিউজ১৮ ক জানিবলৈ দিয়ে। নতুন গুৰুত্বপূৰ্ণ দায়িত্বৰ বাবে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপি সভাপতি বিধায়ক ভৱেশ কলিতা, সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলীয় কৰ্মীক ধন্যবাদ জনাইছে পবিত্ৰ মাৰ্ঘেৰিটাই। "মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই নিতৌ ১৮-২০ ঘন্টা কাম কৰে, ময়ো সেই অনুযায়ী মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ চেষ্টা কৰিম" ক'লে পবিত্ৰ মাৰ্ঘেৰিটাই। ভাৰতীয় জনতা পাৰ্টি চমুকৈ বিজেপি দলত কাম কৰি গলে এদিন ফল পায়েই বুলিও জনালে পবিত্ৰ মাৰ্ঘেৰিটাই। সাংসদৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পদ সুন্দৰভাৱে চম্ভালিম, ৰাইজৰ বাবে কাম কৰিম বুলিও কলে সাংসদ গৰাকীয়ে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|