মুখ্যমন্ত্ৰীয়ে ৭ কংগ্ৰেছীক ক্ৰয় কৰি গণতন্ত্ৰ হত্যা কৰিছেঃ কৰিমুদ্দিন বৰভূঞা
মুখ্যমন্ত্ৰীয়ে ৭ কংগ্ৰেছীক ক্ৰয় কৰি গণতন্ত্ৰ হত্যা কৰিছেঃ কৰিমুদ্দিন বৰভূঞা
'মুখ্যমন্ত্ৰীয়ে সাথে আৰু ভূপেন বৰাক মেনেজ কৰিছে। মুখ্যমন্ত্ৰী আৰু ভূপেন বৰাৰ চৰকাৰ চলি আছে। মাজত আছে এজন এক্টৰ, নাম অখিল গগৈ।'- শুকুৰবাৰে এই বিস্ফোৰক মন্তব্য AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ।
ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তীব্ৰতৰ হৈছে দুই বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মাজত কথাৰ কটাকটি। দুয়োটা দলেই ইটোৱে সিটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। AIUDFৰ বিধায়কে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়া বুলি কংগ্ৰেছ দলে অভিযোগ উত্থাপন কৰাৰ সময়তে AIUDF-ৰ বিধায়কেও দাবী কৰিছে যে, কংগ্ৰেছে নিজৰ দোষ ঢাকিবলৈ এনেদৰে দলটোৰ বিধায়কসকলক জগৰীয়া কৰিছে।
তাৰ মাজতে আজি পুৱাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই এক বিবৃতিত উল্লেখ কৰে যে এআইইউডিএফে ৰাজ্যসভাৰ নিৰ্বাচনত ‘বিশ্বাসঘাতকতা’ কৰাৰ পিছত আজি নিচেই পুৱা দলটোৰ পাঁচজন বিধায়কে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দিছপুৰস্থিত চৰকাৰী বাসগৃহলৈ গৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে। দুখন গাড়ীৰে গৈ পুৱা ৬ বজাৰ পিছতে মুখ্যমন্ত্ৰীৰ বাসগৃহত উপস্থিত হৈ প্ৰায় ৮ বজাত তাৰ পৰা প্ৰস্থান কৰে। এই বিধায়কৰ দলটোত আছিল ক্ৰমে সোণাইৰ বিধায়ক কৰিমুদ্দিন বৰভূঞা, বদৰপুৰৰ বিধায়ক আব্দুল আজিজ, চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইন, জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম আৰু ধিঙৰ বিধায়ক আমিনুল ইছলাম। ইয়াৰ উপৰি দলটোৰ এগৰাকী জিলা সভাপতিও এই পাঁচ বিধায়কৰ সৈতে মুখ্যমন্ত্ৰীৰ বাসগৃহলৈ গৈছিল বুলি উল্লেখ কৰে বিবৃতিত।
এনেবোৰ বিতৰ্ক চলি থকাৰ মাজতে বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ মহা বিস্ফোৰণ ঘটালে AIUDFৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই। কৰিমুদ্দিনে কয় যে, 'কংগ্ৰেছৰ সভাপতিয়ে পুৱা নতুন এখন স্ক্ৰীপ্ট ৰচনা কৰিলে। সাথেৰ লগত পইচা পাতি গণনা কৰি আছিল ভূপেন বৰাই। মুখ্যমন্ত্ৰীয়ে সাথে আৰু ভূপেন বৰাক মেনেজ কৰিছে। মুখ্যমন্ত্ৰীয়ে ৭ কংগ্ৰেছীক ক্ৰয় কৰি গণতন্ত্ৰ হত্যা কৰিছে। চিচিটিভি পৰীক্ষা কৰক মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ। এনে অভিযোগ সত্য প্ৰমাণ কৰক। আৰক্ষীক FIR দিম। অখিল গগৈৰ লগত ভোট দিছে কংগ্ৰেছীয়ে। আমি ৭জনৰ নাম নকও, সাথেই কব লাগিব। এজনৰ নাম কালি ৰিপুণ বৰাৰ মন্তব্যত ওলাই গৈছে। শশী, ছিদ্দিক আহমেদ, অখিল গগৈ, যাদৱ স্বৰ্গীয়াৰীৰ নাম প্ৰকাশ হৈ গ'ল। মুখ্যমন্ত্ৰী আৰু ভূপেন বৰাৰ চৰকাৰ চলি আছে, মাজত আছে এজন এক্টৰ, নাম অখিল গগৈ।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|