মুখ্যপৃষ্ঠা »খবৰ »অসম »Rajyasabha Election: ইচ্ছাকৃতভাৱে কংগ্ৰেছী বিধায়কে কেনচেল কৰাইছে নেকি নিজৰ ভোট? বিজেপি বিধায়ক দিগন্ত কলিতাৰ দাবী- 'কংগ্ৰেছৰ ভোটেৰে আমি জিকিম'

Rajyasabha Election: ইচ্ছাকৃতভাৱে কংগ্ৰেছী বিধায়কে কেনচেল কৰাইছে নেকি নিজৰ ভোট? বিজেপি বিধায়ক দিগন্ত কলিতাৰ দাবী- 'কংগ্ৰেছৰ ভোটেৰে আমি জিকিম'

ইফালে বিৰোধী শিৱিৰে বিজেপি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৰ ভোট বাতিল কৰিবলৈ দাবী জনাইছে।

ইফালে বিৰোধী শিৱিৰে বিজেপি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৰ ভোট বাতিল কৰিবলৈ দাবী জনাইছে।

ইফালে বিৰোধী শিৱিৰে বিজেপি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৰ ভোট বাতিল কৰিবলৈ দাবী জনাইছে।

  • Share this:
আজি অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৯ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটদান সাব্যস্ত কৰাৰ পিছত শাসকীয় অথবা বিৰোধী শিৱিৰৰ প্ৰায় সকলো বিধায়কেই নিজ নিজ দলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰিছে। কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনত এইবাৰ ক্ৰচ ভোট হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। বিজেপিৰ শিৱিৰে দাবী কৰিছে যে, ৬, ৭ জন কংগ্ৰেছী বিধায়কে ভোট দিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক। সেইদৰে দুই এজনে ইচ্ছাকৃত ভাবেই নিজৰ ভোট কেনচেল কৰাইছে বুলিও দাবী কৰিছে।

ইফালে বিৰোধী শিৱিৰে বিজেপি বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৰ ভোট বাতিল কৰিবলৈ দাবী জনাইছে। আনহাতে AIUDFৰ বিধায়ক শেহতীয়া স্থিতিকলৈ সন্দেহৰ আৱৰ্তত কংগ্ৰেছ। তাৰ মাজতে বিজেপি বিধায়ক দিগন্ত কলিতাৰ মন্তব্যই তোলপাৰ লগাইছে ৰাজনীতি। দিগন্ত কলিতাই কয় যে, 'কংগ্ৰেছৰ দুটা ভোট কেনচেল হৈছে। এজনে বেলট ফালি দিছে আনজনে  ১ৰ ঠাইত One লিখিছে। গতিকে AIUDF নহয় কংগ্ৰেছৰ ২ টা ভোটত আমি জিকিম। মুখ্যমন্ত্ৰীয়ে কৈছিল আমাক AIUDF ৰ ভোট নালাগে, গতিকে কংগ্ৰেছৰ ভোটেৰে আমি জিকিম।'

ইফালে এই সন্দৰ্ভত বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, 'সন্ধিয়ালৈ আমি হয়টো অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছৰ একাংশ বিধায়কক ধন্যবাদ জনাব লাগিব৷ কংগ্ৰেছৰ বহুতৰে হাঁত কঁপিব নিশ্চয় ৷ AIUDFৰ ভোট আমাক নালাগেই ৷ AIUDFৰ সৈতে আমাৰ তেল-পানীৰ সম্পৰ্ক ৷'

শেহতীয়া বাতৰি