আজি অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৯ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটদান সাব্যস্ত কৰাৰ পিছত শাসকীয় অথবা বিৰোধী শিৱিৰৰ প্ৰায় সকলো বিধায়কেই নিজ নিজ দলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰিছে।
আজি অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৯ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটদান সাব্যস্ত কৰাৰ পিছত শাসকীয় অথবা বিৰোধী শিৱিৰৰ প্ৰায় সকলো বিধায়কেই নিজ নিজ দলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰিছে।
আজি অনুষ্ঠিত হৈছে ৰাজ্যসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৯ বজাৰ পৰা চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটদান সাব্যস্ত কৰাৰ পিছত শাসকীয় অথবা বিৰোধী শিৱিৰৰ প্ৰায় সকলো বিধায়কেই নিজ নিজ দলৰ প্ৰাৰ্থী জয়ী হ'ব বুলি দাবী কৰিছে। কিন্তু ৰাজ্যসভাৰ নিৰ্বাচনত এইবাৰ ক্ৰচ ভোট হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। বিজেপিৰ শিৱিৰে দাবী কৰিছে যে, ৬, ৭ জন কংগ্ৰেছী বিধায়কে ভোট দিব বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক। আনহাতে শাসকীয় পক্ষৰ বিধায়কে অখিল গগৈৰ সন্দৰ্ভতো তাৎপর্যপূর্ণ মন্তব্য কৰিছে।
বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ এটা মন্তব্যকলৈ এতিয়া চলিছে চৰ্চা। অখিল গগৈয়ে নিজৰ ভোট প্ৰদান কৰিলে নেকি শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ পক্ষত। পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, 'বিজেপিৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে, 'সন্ধিয়ালৈ আমি হয়টো অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ আৰু কংগ্ৰেছৰ একাংশ বিধায়কক ধন্যবাদ জনাব লাগিব৷ কংগ্ৰেছৰ বহুতৰে হাঁত কঁপিব নিশ্চয় ৷ AIUDFৰ ভোট আমাক নালাগেই ৷ AIUDFৰ সৈতে আমাৰ তেল-পানীৰ সম্পৰ্ক ৷'
আনহাতে বিপিএফৰ বিধায়ক দুৰ্গাদাস বড়োৱেও অখিল গগৈৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে। দুৰ্গাদাস বড়োৱে কয় যে, 'জীৱনত প্ৰথমবাৰ বিধায়ক হৈ প্ৰথমবাৰ ভোট দি বেছি জনা দেখুৱাইছে অখিল গগৈয়ে। অখিল গগৈয়ে কাক ভোট দিছে দেখুৱাবলৈ কোনো মানুহ নাই। আটাইতকৈ সন্দেহযুক্ত ভোট কিন্তু আজিৰ দিনটোত অখিল গগৈৰহে। গতিকে সেই সন্দেহযুক্ত মানুহগৰাকীয়ে কাৰোবাক সন্দেহ কৰাতো হাঁহি উঠা কথা।'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|