ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তীব্ৰতৰ হৈছে দুই বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মাজত কথাৰ কটাকটি।
ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তীব্ৰতৰ হৈছে দুই বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মাজত কথাৰ কটাকটি।
অসমীয়া ভাষা কোনে জানে? মই ইণ্টাৰনেচনেল মানুহ,অসমীয়া নকও।'- শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনকলৈ সূচনা হোৱা বিতৰ্কৰ উত্তৰ দিবলৈ গৈ অসমীয়া ভাষাৰ সন্দৰ্ভত এনেদৰে অপমানসূচন মন্তব্য কৰিলে AIUDFৰ বিধায়ক চিৰাজুদ্দিন আজমলে।
উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তীব্ৰতৰ হৈছে দুই বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মাজত কথাৰ কটাকটি। দুয়োটা দলেই ইটোৱে সিটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। AIUDFৰ বিধায়কে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিয়া বুলি কংগ্ৰেছ দলে অভিযোগ উত্থাপন কৰাৰ সময়তে AIUDF-ৰ বিধায়কেও দাবী কৰিছে যে, কংগ্ৰেছে নিজৰ দোষ ঢাকিবলৈ এনেদৰে দলটোৰ বিধায়কসকলক জগৰীয়া কৰিছে।
আৰু তাৰ মাজতে এনেবোৰ বিতৰ্কৰ মন্তব্যৰ সন্দৰ্ভত শুকুৰবাৰে বিধানসভাত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ অসমীয়া ভাষাকে অপমান কৰে AIUDFৰ বিধায়ক চিৰাজুদ্দিন আজমলে। বিধায়কজনৰ এনে মন্তব্যই এতিয়া সৰ্বত্ৰ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|