মুখ্যপৃষ্ঠা » খবৰ

» অসম

»'মোৰ টকা আছে, বিধায়কক মেনেজ কৰি ৰাজ্যসভালৈ যামেই'- সৰ্বানন্দ সোণোৱালক বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যাবলৈ নিদিয়ে আজিজুল হকে!

'মোৰ টকা আছে, বিধায়কক মেনেজ কৰি ৰাজ্যসভালৈ যামেই'- সৰ্বানন্দ সোণোৱালক বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যাবলৈ নিদিয়ে আজিজুল হকে!

News18 Assam | News18-Assam
Updated:September 22, 2021, 1:35 PM IST
'মোৰ টকা আছে, বিধায়কক মেনেজ কৰি ৰাজ্যসভালৈ যামেই'- সৰ্বানন্দ সোণোৱালক বিনা প্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ যাবলৈ নিদিয়ে আজিজুল হকে!
ৰাজ্যসভাৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈ বুধবাৰে বিধানসভাৰ চৌহদত উপস্থিত হয় আজিজুল।

ৰাজ্যসভাৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈ বুধবাৰে বিধানসভাৰ চৌহদত উপস্থিত হয় আজিজুল।

  • News18 Assam
  • Last Updated: September 22, 2021, 1:35 PM IST
  • Share this:
সৰ্বানন্দ সোণোৱালক বিনা যুদ্ধে ৰাজ্যসভালৈ যাবলৈ নিদিয়ে ! যুঁজ দিবলৈ সাজু মহম্মদ আজিজুল হক ৷ সেই হিচাপত বুধবাৰে ৰাজ্যসভাৰ মনোনয়ন পত্ৰ জমা দিবলৈ বিধানসভাৰ চৌহদত উপস্থিত হয় আজিজুল হক ৷

আজিজুল হক প্ৰায় প্ৰতিটো ৰাজ্যসভাৰ নিৰ্বাচনৰ সময়তে বিধানসভাৰ চৌহদত উপস্থিত হয় ৷ ৰাজ্যসভাৰ নিৰ্বাচনত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ প্ৰয়োজনীয় দহজন বিধায়কৰ সমৰ্থনত স্বাক্ষৰ ল'বলৈ বিধায়ক আবাসৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰে আজিজুল হক ৷

এইবাৰো ৰাজ্যসভাৰ উপ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু হৈ বুধবাৰে বিধানসভাৰ চৌহদত উপস্থিত হয় আজিজুল। মনোনয়নপত্ৰ দাখিল কৰিবলৈ লাগে দহজন বিধায়কৰ সমৰ্থনত স্বাক্ষৰ ৷ পিছে কোনে দিব আজিজুল হকৰ সমৰ্থনত চহী?

দিনটো বিধায়কৰ সমৰ্থনত চহী বিচাৰি বিধায়ক আবাসত ঘূৰি ফুৰিলে আজিজুলে ৷ কিন্তু কোনো বিধায়কৰ সাক্ষাতেই নাপালে আজিজুলে ৷  ৰাজ্যসভাৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনটোত আজিজুল হকে বিধায়কৰ সমৰ্থন আদায়ৰ বাবে ঘূৰি ফুৰি শেষত অহা বাটে উভতি যায় ঘৰলৈ ৷ আজিজুলৰ ঘৰ পবিতৰা অভয়াৰণ্যৰ সমীপৰ এক গাঁৱত ৷

মেট্ৰিক উত্তীৰ্ণ বুলি দাবী কৰা আজিজুলে সাংবাদিকৰ সন্মুখত দাবী কৰে- “ৰাষ্ট্ৰপতি আৰু উপ ৰাষ্ট্ৰপতিৰ কথা মতে মই মনোনয়ন পত্ৰ দাখিল কৰিম। মোক প্ৰবঞ্চনা কৰিলে দিল্লীৰ পৰা বিজেপি চৰকাৰ উৎখাত কৰিম ৷ মোৰ টকা আছে ৷ SBIত মোৰ একাউণ্ট আছে ৷ মোৰ তেৰ বিঘামান মাটিও আছে ৷ বিধায়কক মেনেজ কৰি মই ৰাজ্যসভালৈ যামেই ৷”
Published by: Himangshu Bhuyan
First published: September 22, 2021, 1:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি