ৰমেন ডেকাৰ পিছত কামাখ্যা প্ৰসাদ তাছা। আৰক্ষীৰ একাংশ বিষয়াৰ বিৰুদ্ধে কিয় বিচাৰিলে ন্যায়িক তদন্ত?

News18 Assam | News18-Assam
Updated:June 9, 2021, 6:03 PM IST
ৰমেন ডেকাৰ পিছত কামাখ্যা প্ৰসাদ তাছা। আৰক্ষীৰ একাংশ বিষয়াৰ বিৰুদ্ধে কিয় বিচাৰিলে ন্যায়িক তদন্ত?
"পূৰ্বে তৎপৰতা প্ৰদৰ্শন নকৰা আৰক্ষী বিষয়াসকলৰ ওপৰত এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ।" ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য।

"পূৰ্বে তৎপৰতা প্ৰদৰ্শন নকৰা আৰক্ষী বিষয়াসকলৰ ওপৰত এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ।" ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ মন্তব্য।

  • Share this:
মে' মাহত অসমত নতুন চৰকাৰে শপতগ্ৰহণ কৰাৰ পিছৰে পৰা অসম আৰক্ষীয়ে প্ৰদৰ্শন কৰা তৎপৰ ভূমিকাৰ প্ৰশংসা কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । কিন্তু একাংশ আৰক্ষী বিষয়াৰ পূৰ্বৰ কামকাজক লৈ অসন্তুষ্ট সাংসদগৰাকীয়ে এইসকল আৰক্ষী বিষয়াৰ ওপৰত ন্যায়িক তদন্ত দাবী কৰিছে । সাংসদ কামাখ্যা প্ৰসাদ তাছাই অসম আৰক্ষীৰ একাংশ বিষয়াৰ ওপৰত তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে । লগতে বিচাৰিছে আৰক্ষীৰ এই বিষয়াসকলৰ সম্পত্তিৰ ওপৰত তদন্ত হোৱাটো ।

কিন্তু কিয় হব লাগে অসম আৰক্ষীৰ একাংশ বিষয়াৰ ওপৰত তদন্ত ! সাংসদগৰাকীৰ মত যে অসমৰ অধিকাংশ লোকৰ লগতে তেওঁৰ মনতো উদয় হোৱা প্ৰশ্নটো হ'ল যে বিগত এমাহত তৎপৰ হৈ পৰা আৰক্ষী ইয়াৰ পূৰ্বৰ সময়ছোৱাত এনেবোৰ অপৰাধ-অনিয়মৰ বিৰুদ্ধে বিশেষ তৎপৰ হোৱা নাছিল কিয় !

অসমত ড্ৰাগছৰ বৃহৎ বেহা , অবৈধ চুপাৰিৰ ব্যৱসায়কে ধৰি বিভিন্ন ছিণ্ডিকেট পূৰ্বৰে পৰা চলি অহাৰ অভিযোগ উৎথাপন কৰি এনেবোৰ অবৈধ কাৰবাৰৰ সৈতে একাংশ আৰক্ষী জড়িত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে সাংসদগৰাকীয়ে । সেয়েহে এনে একাংশ আৰক্ষী বিষয়াৰ ওপৰত ন্যায়িক তদন্ত দাবী কৰিছে সাংসদ কামাখ্যা প্ৰসাদ তাছাই ।

"একে পুলিচ, একে ব্যৱস্থা । কিন্তু বৰ্তমান আৰক্ষীয়ে যি হাৰত ড্ৰাগছ ধৰিছে , চুপাৰি ধৰিছে , অন্যান্য অবৈধ ছিণ্ডিকেটৰ বিৰুদ্ধে সক্ৰিয় হৈছে তাকে দেখি বহু লোকে আমাক প্ৰশ্ন কৰিছে যে এইবোৰ অবৈধ ব্যৱসায় বা অনিয়ম আগতে নাছিল নেকি? যদি আছিল আৰক্ষীয়ে তেতিয়া কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল ! মই সেয়েহে পূৰ্বে তৎপৰতা প্ৰদৰ্শন নকৰা আৰক্ষী বিষয়াসকলৰ ওপৰত এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰক আহ্বান জনাইছোঁ। " ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই এনেদৰে কয় ।

বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতা তথা সাঙসদে অসম আৰক্ষীৰ একাংশ বিষয়াৰ বিৰুদ্ধে উত্থাপন কৰা এনেবোৰ প্ৰশ্নই বিশেষ তাৎপৰ্য বহন কৰিছে । সাংসদগৰাকীৰ এই মন্তব্যৰ পিছত চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব ।
Published by: Manjumoni Borah
First published: June 9, 2021, 6:03 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি