মুখ্যপৃষ্ঠা »খবৰ »অসম »ভূপেন বৰা–অখিল গগৈক তীব্ৰ সমালোচনা পৱিত্ৰ মাৰ্ঘেৰিটাৰ, ভূপেন বৰাৰ সম্পত্তিৰ তুলনাত বিজেপিৰ কাৰ্যালয় তেনেই সৰু বুলি ক’লে সাংসদগৰাকীয়ে

ভূপেন বৰা–অখিল গগৈক তীব্ৰ সমালোচনা পৱিত্ৰ মাৰ্ঘেৰিটাৰ, ভূপেন বৰাৰ সম্পত্তিৰ তুলনাত বিজেপিৰ কাৰ্যালয় তেনেই সৰু বুলি ক’লে সাংসদগৰাকীয়ে

অখিল গগৈৰ গুৱাহাটীৰ মাজমজিয়াত থকা ঘৰটোৰ মূল্যতকৈ আমাৰ মুখ্য কাৰ্যলয়টোৰ মূল্য ১০ গুণ মানহে বেছি হ’ব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।

অখিল গগৈৰ গুৱাহাটীৰ মাজমজিয়াত থকা ঘৰটোৰ মূল্যতকৈ আমাৰ মুখ্য কাৰ্যলয়টোৰ মূল্য ১০ গুণ মানহে বেছি হ’ব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।

অখিল গগৈৰ গুৱাহাটীৰ মাজমজিয়াত থকা ঘৰটোৰ মূল্যতকৈ আমাৰ মুখ্য কাৰ্যলয়টোৰ মূল্য ১০ গুণ মানহে বেছি হ’ব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে।

  • Share this:
হেঙেৰাবাৰী বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ সংবাদমেল। ৮ অক্টোবৰত বশিষ্ঠত অটল বিহাৰী বাজপেয়ী ভৱন উদ্বোধন প্ৰসংগত সংবাদমেলৰ আয়োজন। সংবাদমেলত পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, ‘‘জে পি নাড্ডাই কোৱা অনুসৰি খানাপাৰাত অনুষ্ঠিত হোৱা কার্যকর্তা সংখ্যাৰ দিশৰ পৰা বহু ওপৰত। ৪০খন সাংগঠনিক জিলাৰ ৯খনৰ আধাৰশিলা স্থাপন হ’ল। জিলাত ৩৩টা কাৰ্যালয় নিৰ্মাণ কৰা হ’ব। ৭টাৰ প্ৰাৰম্ভিক কাম চলি আছে। ১৮৫টা মণ্ডল কাৰ্যালয় নিৰ্মাণ কৰা হ’ব।’’

কংগ্ৰেছে চৰকাৰী মাটি দখল কৰি কাৰ্যালয় নিৰ্মাণ কৰিছে বুলি উল্লেখ কৰি মাৰ্ঘেৰিটাই কয়, ‘‘৪৫ লাখ কার্যকর্তা থকা দলটোৰ বাবে যিখিনি সুবিধাৰ প্ৰয়োজন, সেই সুবিধা অনুসৰি আমি কাৰ্যালয় নিৰ্মাণ কৰিছো। ভূপেন বৰাৰ নামী-বেনামী সম্পত্তিৰ তুলনাত আমাৰ দলৰ কাৰ্যালয়টো একোৱেই নহয়। ১৫ বছৰ শাসন কৰা দলটোৰ ব্লক কংগ্ৰেছৰ সভাপতিৰ সম্পত্তিতকৈ আমাৰ কাৰ্যালয় সৰু, কম ব্যয়ৰ হ’ব। আমাৰ দলৰ কাৰ্যলয় নিৰ্মাণ হয়, বেলেগ দলৰ নেতাৰ অট্টালিকা নিৰ্মাণ হয়।’’

অখিল গগৈৰ গুৱাহাটীৰ মাজমজিয়াত থকা ঘৰটোৰ মূল্যতকৈ আমাৰ মুখ্য কাৰ্যলয়টোৰ মূল্য ১০ গুণ মানহে বেছি হ’ব বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে। অখিল গগৈৰ ব্যক্তিগত সম্পত্তি আছে নামে–বেনামে, তাৰ মূল্যতকৈ আমাৰ এই ভৱনটিৰ মূল্য কম বুলি কয় মাৰ্ঘেৰিটাই।

‘‘আমি আমাৰ সদস্যৰ কথা ভাবি, কাৰ্যকৰ্তাৰ সেৱাৰ্থে এই ভৱন খুলিছো। কিন্তু অখিল গগৈ, ভূপেন বৰাৰ নিচিনা ৰাজনীতিকে ব্যক্তিগত সম্পত্তি বঢ়াবলৈ, নিজ অট্টালিকা নিৰ্মাণৰহে চিন্তা কৰে। ন্যায়ালয়ৰ ৰায়ৰ পিছতহে আমি এই অট্টালিকা নিৰ্মাণ কৰিবলৈ আগবাঢ়িছো।’’ – ক’লে ৰাজ্যসভাৰ সাংসদগৰাকীয়ে।

ইফালে, সংবাদমেলত লুৰিণজ্যোতি গগৈকো সমালোচনা কৰে মাৰ্ঘেৰিটাই। তেওঁ কয়, লুৰিনজ্যোতি গগৈৰ দলে এটা ক্লাবৰ দৰে দল চলায়। ঘৰতে বহি সংবাদমেল দিয়ে তেওঁলোকে।

শেহতীয়া বাতৰি