• Home
  • »
  • News
  • »
  • assam
  • »
  • পৱিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি, ক’লে – মোৰ দায়িত্ব আৰু বাঢ়িল

পৱিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি, ক’লে – মোৰ দায়িত্ব আৰু বাঢ়িল

নতুন দায়িত্বৰ বাবে মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপি সভাপতি, ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলীয় কৰ্মীক ধন্যবাদ জনালে মাৰ্ঘেৰিটাই।

  • Share this:
ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটাক মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব হিচাপে নিযুক্তি। এই পদত নিযুক্তি লাভ কৰি আনন্দ অনুভৱ কৰে সাংসদগৰাকীয়ে। সংবাদ মাধ্যমৰ আগত পৱিত্ৰ মাৰ্ঘেৰিটাই কয়, ‘‘মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ পদ পাই আনন্দিত অনুভৱ কৰিছো। পূৰ্বতকৈ দায়িত্ব আৰু বাঢ়িল।’’

নতুন দায়িত্বৰ বাবে মুখ্যমন্ত্ৰী, ৰাজ্যিক বিজেপি সভাপতি, ফনীন্দ্ৰ নাথ শৰ্মা আৰু দলীয় কৰ্মীক ধন্যবাদ জনালে মাৰ্ঘেৰিটাই। তেওঁ কয়, মুখ্যমন্ত্ৰীয়ে নিতৌ ১৮-২০ ঘণ্টা কাম কৰে। ময়ো সেই অনুযায়ী মুখ্যমন্ত্ৰীক সহায় কৰিবলৈ চেষ্টা কৰিম।

বিজেপি দলত কাম কৰি গলে ফল পায় বুলি উল্লেখ কৰি ৰাজ্যসভাৰ সাংসদগৰাকীয়ে কয়, সাংসদৰ লগতে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ পদো সুন্দৰভাৱে চম্ভালিম। ৰাইজৰ বাবে কাম কৰিম।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি