'সৰ্বানন্দ সোণোৱাল বনাম হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যত চলিছে মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত'- ক'লে অজিত ভূঞাই

News18 Assam | News18-Assam
Updated:May 7, 2021, 6:22 PM IST
'সৰ্বানন্দ সোণোৱাল বনাম হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যত চলিছে মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত'- ক'লে অজিত ভূঞাই
অখিল গগৈক অভিনন্দন জনাই সাংসদ অজিত ভূঞাই লগতে কয় য়ে, 'লুৰিণ জ্যোতি গগৈ জয়ী হোৱা হেতেন আমি সুখী হ'লোহেতেন ৷

অখিল গগৈক অভিনন্দন জনাই সাংসদ অজিত ভূঞাই লগতে কয় য়ে, 'লুৰিণ জ্যোতি গগৈ জয়ী হোৱা হেতেন আমি সুখী হ'লোহেতেন ৷

  • Share this:
'ৰাজ্যত কোৰোণাৰ সংক্ৰমণ ভয়ংকৰ গতিত বাঢ়িছে।  কোভিড মহামাৰীৰৰ এই ভয়াৱহ সময়ত হাস্পতালত নাটনি হৈছে অক্সিজেন, বিচনা, ভেকচিনৰ। ৰাজ্যৰ এনে দুৰ্যোগৰ সময়ত একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো বিজেপি মিত্ৰজোঁটে চৰকাৰ গঠন কৰাত বিলম্ব কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক।'- শুকুৰবাৰে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ৰাজ্যসভাৰ সাংসদ অজিত ভূঞাই।

ভূঞাই লগতে কয় যে, 'নিৰ্বাচনী ফলাফলক আমি মানি লৈছো ৷ জনতাৰ ৰায়ক আদৰণি জনাইছো। লগতে বিজেপিক অভিনন্দন জনাইছো। বিজেপি বিৰোধী ভোট একগোট হোৱা হেতেন মহাজোঁটৰ চৰকাৰ নিশ্চিত আছিল ৷ কিন্তু বিজেপি বিৰোধী ভোট একগোট কৰাত ব্যৰ্থ হ'ল মহাজোঁট ৷ আঞ্চলিক গণ মৰ্চাৰ দুটা সমষ্টিত প্ৰদৰ্শন আশাপ্ৰদ আছিল ৷ কিন্তু বিজেপিৰ ধন আৰু বাহুবলৰ জোৰত গণ মৰ্চা সফল নহ'ল ৷'

অখিল গগৈক অভিনন্দন জনাই সাংসদ অজিত ভূঞাই লগতে কয় য়ে, 'লুৰিণ জ্যোতি গগৈ জয়ী হোৱা হেতেন আমি সুখী হ'লোহেতেন ৷ এতিয়া কাকো দোষ দি লাভ নাই। প্ৰতিগৰাকী বিজয়ী প্ৰাৰ্থীয়ে অনাগত দিনত ৰাইজৰ কাম কৰক।'
Published by: Himangshu Bhuyan
First published: May 7, 2021, 6:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি