সাজু অসম বিধানসভাৰ চেণ্ট্ৰেল হল। কাইলৈ পুৱা ৯ বজাৰ পৰা আৰম্ভ হ'ব অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ দুয়োখন আসনৰ নিৰ্বাচন। ৯ বজাৰ পৰা আৰম্ভ হবলগীয়া ভোটগ্ৰহণ সমাপ্ত হব বিয়লি ৪ বজাত। সেইদৰে বিয়লি ৫ বজাত আৰম্ভ হ'ব ভোটগণনা। দুখন আসনৰ বাবে প্ৰাৰ্থী তিনিগৰাকী। প্ৰথমখন আসনত পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় একপ্ৰকাৰ নিশ্চিত।কিন্তু দ্বিতীয়খন আসনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাৰ মাজত যুঁজ তীব্ৰতৰ হ'ব বুলি ধাৰণা কৰা হৈছে।
ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শেহতীয়াকৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। অসমৰ পৰা খালী হোৱা ৰাজ্যসভাৰ দুখন আসনৰ ভিতৰত প্ৰথমখন আসনত বিজেপি প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় প্ৰায় নিশ্চিত হোৱাৰ বিপৰীতে দ্বিতীয়খন আসমৰ বাবে শাসক-বিৰোধীৰ মাজত ৰাজনৈতিক যুঁজ ক্ৰমান্বৰে আকৰ্ষণীয় হৈ পৰিছে। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুণ বৰাই জয়লাভ কৰিব বুলি দুদিন আগলৈকে আত্মবিশ্বাসী হৈ আছিল যদিও এতিয়া সলনি হৈছে দৃশ্যপট। বিশেষকৈ মঙলবাৰে নিশা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সংবাদমেলে উন্মোচন কৰে বহুকেইটা শেহতীয়া ৰাজনৈতিক দৃশ্য। বিজেপিৰ ওচৰত AIUDFৰ ৫গৰাকী বিধায়ক বিক্ৰী গৈছে বুলি গুৰুতৰ অভিযোগ ভূপেন বৰাৰ।
উল্লেখ্য যে, অসম বিধানসভাত কংগ্ৰেছৰ ২৭, এআইইউডিএফৰ ১৫, ৰাইজৰ দলৰ ১, চিপিআইএমৰ এজন বিধায়ককে ধৰি মুঠ বিৰোধী ৪৪ গৰাকী বিধায়ক আছে। অৰ্থাৎ ৪৪ টা ভোটেৰে দ্বিতীয়খন আসনত বিৰোধী দলৰ প্ৰাৰ্থী ৰিপুন বৰা জয়ী হোৱাৰ সম্ভৱনা নিশ্চিত হৈ থকাৰ পাছতো এতিয়া ক্ৰচ ভোটৰ আশংকাত টোপনি নাইকীয়া হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : March 30, 2022, 12:56 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।