আজি ৰাজ্যসভাৰ নিৰ্বাচন। অসমৰ দুখন আসনৰ বাবে পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া। ৫ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা।
ৰাজ্যসভাৰ নিৰ্বাচনত মিত্ৰজোঁটৰ BJPৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ জয় নিশ্চিত। দ্বিতীয়খন আসনত বিজেপি মিত্ৰজোঁটৰ UPPLৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰী আৰু বিৰোধী পক্ষৰ প্ৰাৰ্থী ৰিপুণ বৰাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
পুৱা ৯ বজাৰ পৰা বিধানসভাৰ চেন্ট্ৰেল হলত হ’ব ভোটগ্ৰহণ। সন্ধিয়া ৬ বজাত ফলাফল ঘোষণা কৰা হ’ব।
বিজেপিয়ে এখন আসনত পবিত্ৰ মাৰ্ঘেৰিটাক আৰু দ্বিতীয়খন আসনত মিত্ৰদল UPPLৰ ৰৌণগৌৰা নাৰ্জাৰীক প্ৰাৰ্থিত্ব দিছে। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হৈছে কংগ্ৰেছ (Congress) দলৰ ৰিপুণ বৰা (Ripun Bora)। দ্বিতীয়খন আসনতো বিজেপিয়ে জয়ী হোৱাৰ দাবী কৰি অহাৰ বিপৰীতে বিৰোধীয়েও দাবী কৰিছে যে ৰিপুণ বৰা জয়ী হ’ব দ্বিতীয়খন আসনত। এই আসনখনক লৈ দীৰ্ঘদিন ধৰি অব্যাহত আছে জল্পনা–কল্পনা।
কংগ্ৰেছ দলে নিৰ্বাচনৰ দিনটোৰ বাবে দলৰ থ্ৰী-লাইন হুইপ (Three Line Whip) জাৰি কৰিছে। উল্লেখ্য যে ৰহাৰ কংগ্ৰেছী বিধায়ক শশীকান্ত দাসক কংগ্ৰেছ দলে নিলম্বিত কৰি থৈছে। AIUDF দলেও থ্ৰী-লাইন হুইপ জাৰি কৰিছে দলৰ বিধায়কসকলৰ বাবে। প্ৰথমে বদৰুদ্দিন আজমলে হুইপ জাৰি কৰাৰ প্ৰয়োজন নাই বুলি ঘোষণা কৰিছিল।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|