ৰাজ্যসভাৰ দুখন আসনৰ বাবে আজি অনুষ্ঠিত হৈছে নিৰ্বাচন। প্ৰথমখন আসনত বিজেপিৰ পৱিত্ৰ মাৰ্ঘেৰিটাৰ জয় নিশ্চিত। কিন্তু দ্বিতীয়খন আসনক লৈ অব্যাহত আছে তীব্ৰ উৎকণ্ঠা। শাসক–বিৰোধী উভয় পক্ষই দাবী কৰিছে দ্বিতীয়খন আসন। শাসকীয় পক্ষই কৈছে তেওঁলোকেই লাভ কৰিব দুয়োখন আসন। তাৰ বিপৰীতে বিৰোধীয়ে দাবী কৰিছে যে দ্বিতীয়খন আসনত জয়লাভ কৰিব ৰিপুণ বৰাই।
আজি নিৰ্বাচনৰ দিনটোত বহু মন্ত্ৰী বিধায়কে প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া। মন্ত্ৰী পীযূষ হাজৰিকাই ক’লে – ‘‘আমি ভাল ভোটত দুয়োখন আসনতেই জিকিম৷ প্ৰথম পবিত্ৰ মাৰ্ঘেৰিটাৰ, দ্বিতীয়তে ৰণগৌৰা নাৰ্জাৰীক ভোট দিব মিত্ৰজোঁটৰ বিধায়কে৷ BPFয়ে প্ৰথম পছন্দত ভোট দিব৷’’
ইফালে, বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয়, ‘‘সংখ্যাটো নকওঁ, কিন্ত আমি বিপুল ভোটত জয়ী হম।’’
আনহাতে, কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ দাবী, ‘‘এশ শতাংশ আমি জিকিম।সন্ধিয়া সাত বজালৈ অপেক্ষা কৰক। শাসকীয় পক্ষৰ ওচৰত কোনো মেজিক নাই।’’
ইফালে, ৰহাৰ বিধায়ক শশীকান্ত দাসক লৈ দীৰ্ঘদিন ধৰি চলি আছে চৰ্চা। কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শশীকান্ত দাসৰ ঘৰলৈও গৈছিল। তাৰ পিছতে ৰাজনৈতিক নহলে অনুমান কৰিছিল যে শশীকান্ত দাসৰ ভোট হয়তো যাব পাৰে শাসকীয় পক্ষলৈ। আৰু তাৰেই ইংগিত দি আজি শশীকান্ত দাসে ক’লে – ‘‘
সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত ভোট দিম।’’‘‘আমি জয়ী হ’ম। ৰিপুণ বৰাৰ ভুলৰ কাৰণে হাৰিব। তেওঁ বহুত ভুল কৰিছে। নিৰ্বাচনৰ সময়ত যোগ্যজনক টিকট দিয়া নাছিল।’’ – ক’লে ৰূপজ্যোতি কুৰ্মীয়ে।
এআইইউডিএফৰ হাফিজ ৰফিকুল ইছলামৰ দাবী – এআইইউডিএফৰ পোন্ধৰ গৰাকী বিধায়কে একেলগে গৈ ভোট দিব ৰিপুণ বৰাক। আনহাতে, এআইইউডিএফৰ যমুনামুখৰ সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমলে কয়, ‘‘ৰিপুন বৰাৰ জয় হ’ব। গা বেয়া, তথাপিও ৰিপুণ বৰাক ভোট দিবলৈ আহিছো। ভোট দিয়াৰ পিছত গৰম মছলা দিম সংবাদ মাধ্যমক।’’
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|